ডাঃ দেৱেন দত্তৰ হত্যাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সম্পন্ন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথক হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব প্ৰদান কৰে ৰাজ্য চৰকাৰে।
ডাঃ দেৱেন দত্তৰ পত্নীৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ। চিকিৎসকগৰাকীৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা মুখ্যমন্ত্ৰীগৰাকীৰ। তেওঁৰ মৃত্যুত শোক প্ৰকাশ সৰ্বানন্দ সোণোৱালৰ।