27 C
Guwahati
Thursday, October 14, 2021
More

    সমাজ কল্যান বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীক আজিৰে পৰা নিয়মীয়াকৈ pay স্কেলৰ সিদ্ধান্ত কেবিনেটৰ

    বাগিচাৰ নিবনুৱা যুৱককো দিয়া হ'ব ২৫হাজাৰ টকাৰ সাহায্য

    দিছপুৰত আজি কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চাহ বাগিচাৰ মেট্ৰিক শিক্ষাৰ্থীক ১০হাজাৰ টকাকৈ সাহায্য দিয়াৰ সিদ্ধান্ত। উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীকো দিয়া হ’ব ১০হাজাৰকৈ টকা। লগতে বাগিচাৰ নিবনুৱা যুৱককো দিয়া হ’ব ২৫হাজাৰ টকাৰ সাহায্য।

    সকলোতকৈ গুৰুত্বপূৰ্ণ, সমাজ কল্যান বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীক দিয়া হ’ব নিয়মীয়ৈকৈ PAY স্কেল। চাহ বাগিচাৰ কেঁচাঘৰসমূহো পকীকৰণৰ সিদ্ধান্ত। প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত প্ৰতিঘৰলৈ সৌৰশক্তিৰ সা-সৰঞ্জাম। প্ৰতিতো সৌৰশক্তিৰ কিটৰ বাবে দিয়া হ’ব ২০ হাজাৰকৈ টকা। ভূমিহীন কৃষকলৈ ৭ বিধাকৈ ভূমি আৱণ্টনৰ সিদ্ধান্ত। পূৰ্বে এই ভূমিৰ পৰিমান আছিল ৩ বিধা।

    Inputs And Photo: Anit Pratim Baruah

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং