27 C
Guwahati
Wednesday, October 13, 2021
More

    দুদিনীয়া সন্তান এৰি সন্ধানহীন মাতৃৰ মৃতদেহ উদ্ধাৰ চিপ লোৱা অৱস্থাত

    প্ৰসূতি কক্ষৰ পৰা নিৰুদ্দেশ হোৱা সাধনা মণ্ডল নামৰ মাতৃ গৰাকী প্ৰসূতি বিভাগৰ কাষতে থকা এটা কক্ষত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে

    সন্ধান ওলাল হেৰুওৱা মাতৃৰ, সদ্যোজাত শিশু এৰি নিৰুদ্দেশ হোৱাৰ খবৰে তোলপাৰ লগাইছিল ৰাজ্য। দুদিন পূৰ্বে সন্তান প্ৰসৱ কৰি মাতৃ নিৰুদ্দেশ হোৱাত হস্পিতাল তোলপাৰ লগাইছিল পৰিয়ালৰ লোকে। এই ঘটনা তেজপুৰ মেডিকেল কলেজৰ।

    পিছে প্ৰসূতি কক্ষৰ পৰা নিৰুদ্দেশ হোৱা সাধনা মণ্ডল নামৰ মাতৃ গৰাকী প্ৰসূতি বিভাগৰ কাষতে থকা এটা কক্ষত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। ভিতৰ ফালৰ পৰা বন্ধ কৰি থোৱা কক্ষৰ পৰা দণ্ডাধীশে আহি ভেণ্টিলেটৰ দি কোঠা খুলি মহিলা গৰাকী মৃত্য অৱস্থাত উদ্ধাৰ কৰে। কিন্তু এই ঘটনা আত্মহনন নে হত্যা আৰক্ষী তদন্তহে গম পোৱা যাব।

    উল্লেখ্য যে, নিশা দুই বজাত প্ৰসূতি কক্ষৰ পৰা নিৰুদ্দেশ হৈছিল ঢেকিয়াজুলি ৫নং ৱাৰ্ডত ভাড়াতীয়া হিচাপে থকা ভাৰত মণ্ডলৰ পত্নী সাধনা মণ্ডল। সোমবাৰে তেজপুৰ মেডিকেল কলেজত প্ৰসূতি মহিলা গৰাকীক ভৰ্ত্তি কৰাইছিল। মঙ্গলবাৰে প্ৰসূতি গৰাকীয়ে এটি সন্তান জন্ম দিয়ে।

    সন্তানটি শাৰীৰিক অসুস্থতা বাবে মেডিকেল কলেজত ICU ৰখা হৈছিল। কালি ৪ মান বজাত ভাৰত মণ্ডলে পত্নীক ICU নিজ সন্তানটিক দেখা কৰায় পুনৰ প্ৰসূতি কক্ষলৈ লৈ আহে। স্বস্থ্য ভাল নথকাত পত্নীয়ে ভালদৰে খোজো কাঢ়িব পৰা নাছিল। তেনে স্থলত নিজে গৈ কিদৰে আত্মহনন কৰে সাধনা মণ্ডল নামৰ মাতৃ গৰাকীয়ে সেইয়াহে এতিয়া ৰহস্যৰ আৱৰ্তত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং