32 C
Guwahati
Saturday, October 16, 2021
More

    ৰাজ্যজুৰি টেট শিক্ষক সমাজৰ ধৰ্মঘট, হাতে হাতে ছাতি লৈ বহিল প্ৰতিবাদত

    ৪১ হাজাৰ টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে শিক্ষক-শিক্ষয়ত্ৰীসকলে

    শ্ৰেণীকোঠা এৰি ধৰ্মঘটত বহিল শিক্ষক সমাজ। ৪১ হাজাৰ টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে শিক্ষক-শিক্ষয়ত্ৰীসকলে। সদৌ অসম প্ৰাথ্যমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বান মৰ্মে প্ৰাথমিক টেট উত্তীৰ্ণ কৰ্মৰত ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বেতন সুৰক্ষাসহ নিয়মীয়া কৰাৰ দাবীত বৰপেটাৰ চেঙা শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰাথমিক টেট শিক্ষকে অৱস্থান ধৰ্মঘট পালন কৰে। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

    ইফালে দৰঙৰ দলগাঁও প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ কৰে কেইবা শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে৷ বিদ্যালয়ত পাঠদানৰ পৰা বিৰত থাকি বৰষুণত ছাতি লৈ বহি প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষক সমাজে। দলগাঁও প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয় প্ৰাংগণত ৰূপায়ণ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

    কলিয়াবৰতো সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। নগাঁৱৰ কলিয়াবৰ প্ৰাৰ্থমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্দ্যোগত কলিয়াবৰ প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। প্ৰায় দুই শতাধিক টেট শিক্ষকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত শিক্ষকসকলে নিজৰ প্ৰাপ্য বিচাৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান প্ৰয়োগ কৰি কলিয়াবৰ শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে।

    আনহাতে, নগাঁৱৰ কঠিয়াতলী শিক্ষাখণ্ডত টেট শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী। কঠীয়াতলী প্ৰাথমিক টেট শিক্ষক সমাজৰ এই প্ৰতিবাদ।

    ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ জয়পুৰ খণ্ড শিক্ষা বিষয়া কার্যালয়ৰ সন্মুখত ঠিকা ভিত্তিক টেট শিক্ষক সমাজে প্ৰতিবাদ সাব্যস্ত কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং