35 C
Guwahati
Wednesday, October 13, 2021
More

    জম্মু-কাশ্মীৰত আক্ৰমণৰ ষড়যন্ত্ৰ বিফল, কঠুৱাৰ পৰা ৬টা AK-47সহ ৩ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

    জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৩ সন্ত্ৰাসবাদীক ৬টা AK-47ৰ সৈতে গ্ৰেপ্তাৰ কৰিলে। সন্ত্ৰাসবাদীকেইটাক পঞ্জাৱ-জম্মু-কাশ্মীৰ সীমান্তৰ লখনপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে

    জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৩ সন্ত্ৰাসবাদীক ৬টা AK-47সহ গ্ৰেপ্তাৰ কৰে। সন্ত্ৰাসবাদীকেইটাক পঞ্জাৱ-জম্মু-কাশ্মীৰ সীমান্তৰ লখনপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে। সুৰক্ষাকৰ্মীসকলে গোপন সূত্ৰৰ ভিত্তিত তথ্য পাইছিল যে এখন ট্ৰাকেৰে মাৰণাস্ত্ৰ লৈ যোৱা হৈছে আৰু এই তথ্যৰ ভিত্তিত ৩টা সন্ত্ৰাসবাদীক মাৰণাস্ত্ৰৰ সৈতে গ্ৰেপ্তাৰ কৰে।

    কঠুৱাৰ এছএছপিয়ে ক’লে যে মাৰণাস্ত্ৰ আৰু বিস্ফোৰক কঢ়িয়াই লৈ যোৱা ট্ৰাকখন জব্দ কৰিছে। দুটা দিনত সুৰক্ষা কৰ্মীৰ বাবে এয়া দ্বিতীয়টো বৃহৎ সফলতা।

    ইয়াৰ পূৰ্বে বুধবাৰে সুৰক্ষা কৰ্মীয়ে লস্কৰ-এ-তয়বাৰ সন্ত্ৰাসবাদী আছিফক গুলীয়াই হত্যা কৰিছিল। জম্মু-কাশ্মীৰৰ ছপোৰত সন্ত্ৰাসবাদী বাহৰ পতাৰ খবৰ লাভ কৰিছিল আৰু তাৰ পিছতে আৰম্ভ কৰিছিল অভিযান। এই অভিযানতে সন্ত্ৰাসবাদী আছিফক হত্যা কৰা হৈছিল।

    Image Credit: hindi.asianetnews.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং