29 C
Guwahati
Wednesday, September 28, 2022
More

    টীয়কৰ এজন যুৱকলৈ ড০ বি আৰ আম্বেদকাৰ বঁটা, নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে চলাইছিল অভিযান

    তুষাৰ পালৰ এই কৃতকাৰ্যতাত টীয়কৰ বিভিন্ন দল-সংগঠন আৰু সামাজিক অনুষ্ঠানে আদৰণি জনাইছে

    টিয়কৰ এজন যুৱকে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অকলে অভিযান চলাই কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ড° বি আৰ আম্বেদকাৰ বঁটা। ২০০৬ চনতে টীয়ক চেলেংহাটত নিজৰ ধনেৰে চেলেংহাট হেল্থ ক্লাৱ নামৰ এক শৰীৰ চৰ্চা কেন্দ্ৰ স্হাপন কৰি গ্ৰাম্যাঞ্চলত শৰীৰ চৰ্চাৰ পাতনি মেলে এই ৫৬ বছৰীয়া লোকজনে। লোকজনৰ নাম তুষাৰ পাল।
    অৰ্থনীতি বিজ্ঞানত যোৰহাট কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি চাহ খেতিৰ লগত জড়িত হৈ এজন সফল ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে নিজৰ পৰিচয় দাঙি ধৰাৰ সমান্তৰালকৈ সমাজত কিবা এটা ইতিবাচক কৰ্ম কৰাৰ দুৰ্বাৰ হেঁপাহেৰে তেওঁ এই কেন্দ্ৰ স্হাপন কৰে গ্ৰাম্যাঞ্চলৰ যুৱপ্ৰজন্মৰ বাবে।

    উল্লেখ্য যে ২০১০ চনত আগ্ৰাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বডি বিল্ডিং প্ৰতিযোগিতাত মাষ্টাৰ শাখাত ব্ৰঞ্জৰ মেডেল লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় এইগৰাকী প্ৰতিভাবান খেলুৱৈয়ে। ২০১২ চনত নিচা মুক্তি অভিযান শীৰ্ষক এক অভিযান আৰম্ভ কৰে। এই অভিযানৰ অংশ হিচাপে প্ৰথমে ৫০ কিলোমিটাৰ মাৰাথন দৌৰৰ লগতে চাইকেল চলাই টীয়কৰ পৰা ধুবুৰীলৈ মুঠ ৬২০ কিলোমিটাৰ পথ অতিক্ৰম কৰি ৰাইজৰ মাজত মাদকদ্ৰব্যৰ অপকাৰিতা সম্পৰ্কে সজাগতা আনিবলৈ চেষ্টা কৰে।

    লগতে উজনি অসমৰ কলেজ, বাছ আস্থান, ব্যৱসায় প্ৰতিস্থানকে ধৰি বিভিন্ন স্থানত অসম প্ৰেছ কৰেচপণ্ডেণ্ট ইউনিয়নৰ যোৰহাট জিলা সমাতিৰ সহযোগত মাদকদ্ৰব্য সেৱন আৰু ইয়াৰ অপকাৰিতাক মূল বিষয় হিচাপে লৈ এই ক্ষেত্ৰত এক সজাগতা কাৰ্যসূচী হিচাপে প্ৰায় বিশ হাজাৰ গণ স্বাক্ষৰ কাৰ্যসূচী গ্ৰহণ কৰে।

    এই গণ স্বাক্ষৰ কাৰ্যসূচী চৰকাৰক দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে অসম বিধান সভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰে। বাবা ৰামদেৱৰ হৰিদুৱাৰৰ পতঞ্জলি যোগ কেন্দ্ৰত যোগাসনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ বিভিন্ন ঠাইত যোগ শিক্ষাৰ প্ৰশিক্ষক হিচাপেও পৰিচিত যুৱকজন। নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে সমাজত সজাগতা আনিবলৈ বহুতো সজাগতামূলক সভা পতাৰ উপৰিও বৰ্তমান তেওঁ তিনিখনকৈ ছুটি ছবি নিজ উপাৰ্জনৰ ধনেৰে নিৰ্মাণ কৰি ৰাইজৰ মাজত প্ৰদৰ্শন কৰি সজাগতা আনিবলৈ চেষ্টা কৰিছে।

    শেহতীয়াকৈ তেওঁ প্ৰধানমন্ত্ৰীলৈ নিচা মুক্তি অভিযানৰ সম্পৰ্কে এক পত্ৰ প্ৰেৰণ কৰিছে আৰু প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ পৰা এই পত্ৰৰ সহাঁৰি লাভ কৰিছে বুলি জানিবলৈ দিয়ে। জীয়াই থকা পৰ্যন্ত নিচা মুক্তি অভিযান চলাই যোৱাৰ দৃঢ় সংকল্প লৈছে যুৱকজনে। উল্লেখযোগ্য এই যে সুদীৰ্ঘ দিন কষ্ট আৰু ত্যাগৰ বিনিময়ত ২০১৯ চনৰ ৰাষ্ট্ৰীয় বঁটা ড০ বি আৰ আম্বেদকাৰ বঁটা লাভ কৰি অসম তথা টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে পালে। তুষাৰ পালৰ এই কৃতকাৰ্যতাত টীয়কৰ বিভিন্ন দল-সংগঠন আৰু সামাজিক অনুষ্ঠানে আদৰণি জনাইছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং