33 C
Guwahati
Monday, September 26, 2022
More

    গো মাংস কটাক কেন্দ্ৰ কৰি উত্তেজনা, উত্তেজিত ৰাইজে জ্বলাই দিলে বাইক

    ছাহজাহান আৰু যচমউদ্দিন নামৰ দুজন যুৱকে নেপালী গাঁৱত কাটিছিল গো মাংস

    নগাঁৱৰ কচুৱা লংজাপ নেপালী গাঁৱত গো মাংস কটাক কেন্দ্ৰ কৰি উত্তেজনা। ছাহজাহান আৰু যচমউদ্দিন নামৰ দুজন যুৱকে নেপালী গাঁৱত কাটিছিল গো মাংস। ইয়াৰ পিছতে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে। উত্তেজিত ৰাইজে জ্বলাই দিলে যুৱক দুজনে লৈ যোৱা বাইক।

    উত্তেজিত ৰাইজে জ্বলাই দিয়ে বাইক, VIDEO

    যুৱক ২জনক কৰায়ত্ত কৰে স্থানীয় ৰাইজে। ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে যুৱক দুজনক থানাৈল লৈ যায় আৰু ঘটনা সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং