পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে গুৱাহাটীৰ মাৰোৱাৰী হাস্পতাল। ৰোগীৰ মৃত্যুৰ পিছতো হাস্পতাল কৰ্তৃপক্ষই জনোৱা নাছিল পৰিয়ালৰ লোকক। আৰু ইয়াকে কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। হাস্পতাল কৰ্তৃপক্ষৰ সৈতে খণ্ডযুদ্ধ লাগে মৃত ৰোগীৰ পৰিয়ালৰ মাজত।
উল্লেখ্য যে কে চি দাস কমাৰ্চত অধ্যয়নৰত সূৰজ ঝা নামৰ ছাত্ৰজনক ভৰ্তি কৰোৱা হৈছিল হাস্পতালখনত আৰু নিশাৰ ভিতৰতে মৃত্যু ঘটিছিল জ্বৰত আক্ৰান্ত ছাত্ৰজনৰ। ছাত্ৰজনৰ মৃত্যুৰ খবৰ বহু পলমকৈ দিয়াত হাস্পতাল কৰ্তৃপক্ষৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয় পৰিয়ালৰ লোক।
পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈহে নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি। আনহাতে হাস্পতালখনৰ বিৰুদ্ধে পূৰ্বেও উত্থাপিত হৈছিল এনে বহু অভিযোগ।