31 C
Guwahati
Wednesday, September 28, 2022
More

    লণ্ডভণ্ড কৰিলে লক্ষী মন্দিৰ, অগ্নিসংযোগৰ লগতে ভাঙিলে মা লক্ষীৰ মূৰ্তি

    মূৰ্তি, বিভিন্ন সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে অগ্নিসংযোগো কৰে ৰফিকুল আলী নামৰ লম্পটটোৱে

    বৰপেটাৰ কেউটকুছিত নিশা সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ। কেউটকুছিৰ ঐতিহ্যমণ্ডিত লক্ষ্মী মন্দিৰত এটা লম্পটৰ তাণ্ডৱ। ভাঙি লণ্ডভণ্ড কৰে মা লক্ষীৰ মূৰ্তি, লগতে অগ্নিসংযোগো কৰে লম্পটটোৱে।

    লক্ষী মন্দিৰত মূৰ্তি ভাঙি ধৰা পৰিল ৰফিকুল আলী নামৰ এইজন

    মন্দিৰ চৌহদৰ মজিয়াৰ টাইল্ছ, মূৰ্তি, বিভিন্ন সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে অগ্নিসংযোগো কৰে ৰফিকুল আলী নামৰ লম্পটটোৱে। সেই সময়তে ৰফিকুল আলীক হাতে-লোটে কৰায়ত্ত কৰে স্থানীয় ৰাইজে আৰু পিছত গতাই দিয়ে আৰক্ষীক।

    ইয়াৰোপৰি কেউটকুছিত হ’বলগীয়া ৮৩সংখ্যক লক্ষ্মীপূজা মহোৎসৱৰ বেনাৰ পোষ্টাৰ আদিও ফালি পেলায় ৰফিকুল আলীয়ে। আৰু এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।

    Photo : Maidul Islam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং