সূৰ্যদেৱতাৰ প্ৰকোপত দহিছে সমগ্ৰ ৰাজ্যবাসী। গুৱাহাটী মহানগৰী আৰু উত্তৰ লখিমপুৰত চলিত মাহৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিলে গৰমে। আজিৰ দিনটোত গুৱাহাটীৰ তাপমাত্ৰা ৩৭ ডিগ্ৰী হোৱাৰ বিপৰীতে উত্তৰ লখিমপুৰত আগষ্ট মাহৰ সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰি ৩৯.২ ডিগ্ৰী ছেলচিয়াছ পাৰাস্তম্ভ স্পৰ্শ কৰিলে তাপমাত্ৰাই।
সন্ধিয়াৰ ভাগত অহা এজাক পাতলীয়া বৰষুণে, বিশেষকৈ মহানগৰবাসীক। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গ’ল বৰুণ দেৱতাৰ কৃপা। যাৰ ফলত পাৰাস্তম্ভ কিছু হ্ৰাস পায়। আগন্তুক দিনত ৰাজ্যত তাপমাত্ৰা একে থাকিব যদিও দুই-এজাক পাতলীয়া বৰষুণৰ ফলত গৰমৰ পৰা পৰিত্ৰাণ পাব ৰাজ্যবাসীয়ে।
বংগোপ সাগৰত অধিক ওপৰৰে গৰম বতাহ বলি থকা বাবে ৰাজ্যবাসীক দহিছে গৰমে কিন্তু ২৮ আগষ্টত ইয়াৰ গৰমৰ প্ৰভাৱ হ্ৰাস পাব বুলি জানিব দিয়ে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে।
Guwahati | Edited by: Dulu Medhi