কৰ’ণাৰ ভয়াৱহতা দেশত অলপো কমা নাই। প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। দেশত লকডাউন চলি থকাৰ পিছতো কমা নাই কৰ’ণাৰ প্ৰকোপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত দ্বিতীয়বাৰৰ বাবে জাৰি কৰিলে লকডাউন।
প্ৰথমবাৰ ২৫ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈকে আৰু দ্বিতীয়বাৰ ১৫ এপ্ৰিলৰ পৰা ৩ মে’লৈকে লক ডাউন জাৰি কৰা হ’ল। সমগ্ৰ দেশতে ৩ মে’লৈকে লকডাউন ধাৰ্য কৰা হৈছে যদিও কৰ’ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৰাজ্যখনত ৭ মে’লৈকে লকডাউন বৃদ্ধিৰ ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ৭ মে’লৈকে তেলেংগানাবাসীক কঠোৰভাৱে লকডাউন পালনৰ নিৰ্দেশ দিছে।তেলেংগানাত কৰ’ণাৰ সংহাৰ বৃদ্ধি হৈ থকাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে।তেলেংগানাত এইপৰ্যন্ত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৮৫৮ জন। মৃত্যু হৈছে ২১ জনৰ আৰু সুস্থ হৈ উঠিছে ১৮৭জন কৰ’ণা ৰোগী।
Photo: PTI