দেশত এতিয়া কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস। সেয়েহে বহিঃৰাজ্যত থকা লোকসকলে নিজ গৃহলৈ যাবলৈ উত্ৰাৱল হৈছে। লক ডাউনৰ পূৰ্বে কিছুমান ঘৰলৈ উভতিল আৰু কিছুমান বহিঃৰাজ্যতে ৰৈ গ’ল। তাৰে কিছুমানে খোজ কাঢ়িয়েই ঘৰলৈ যাত্ৰা আৰম্ভ কৰাৰ বাতৰি পোৱা গৈছে। এই সময়তে বহিঃৰাজ্যৰ কৰ্মচাৰী-শ্ৰমিকসকলক অভয়বাণী তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ।
তেলেংগানাৰ মুখ্যমন্ত্ৰী কে.চন্দ্ৰশেখৰ ৰাৱে তেলেংগানাত থকা সকলো লোককে আশ্বাস দি কৈছে-”সুকলমে থাকক তেলেংগানাতে।নিজৰ লগতে বাহিৰৰ ৰাজ্যৰ লোককো সকলো ধৰণৰ সহায় কৰা হ’ব।খাদ্যৰ পৰা চিকিৎসালৈ সকলো ধৰণৰ সুবিধাই লাভ কৰিব।লকডাউনৰ সময়ত ঘৰলৈ যোৱাৰ চিন্তা কৰিব নালাগে।থকা-খোৱাৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই।ভাই-বন্ধুৰ দৰে তেলেংগানাতে থাকক।”
Photo Credit: New Indian Express