27 C
Guwahati
Tuesday, September 27, 2022
More

    এনে নিৰ্মম অত্যাচাৰ পূৰ্বে দেখা নাই, বুঢ়া আৰক্ষী কাণ্ডক লৈ প্ৰতিক্ৰিয়া তৰুণ গগৈৰ

    বুঢ়া আৰক্ষী চকীৰ বিষয়া জনক নিলম্বিত নহয় গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থ'ব লাগিছিল, মহিলা আয়োগ আৰু মানৱ অধিকাৰ আয়োগ কঠোৰ হওক এই ঘটনাত, মই এই ঘটনাৰ ন্যায়িক তদন্ত বিচাৰিছো।'- বুঢ়া আৰক্ষী কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ

    অসমত মহিলাৰ সুৰক্ষা নোহোৱা হৈছে আজিকালি। তৰালী শৰ্মাৰ মাতৃৰ ডিঙিৰ চেইন কাঢ়ি নিছে ঘৰৰ সন্মুখৰ পৰা। বলাত্কাৰ আৰু নাৰী নিৰ্যাতন বাঢ়িছে।- সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

    বুঢ়া আৰক্ষী চকীৰ বিষয়া জনক নিলম্বিত নহয় গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থ’ব লাগিছিল, মহিলা আয়োগ আৰু মানৱ অধিকাৰ আয়োগ কঠোৰ হওক এই ঘটনাত, মই এই ঘটনাৰ ন্যায়িক তদন্ত বিচাৰিছো।’- বুঢ়া আৰক্ষী কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

    থানাত মহিলা নিৰ্যাতনৰ ঘটনাক তীব্ৰ গৰিহণা তৰুণ গগৈৰ। ‘এনে নিৰ্মম অত্যাচাৰ পূৰ্বে দেখা নাই, বিনা কাৰণত মহিলা তিনিগৰাকীক নিৰ্যাতন চলোৱা হ’ল, একাংশ সংগঠনে আৰক্ষী বিষয়াজনৰ সপক্ষে ওলাই আহিছে, সেইসকলকো মই গৰিহণা দিছো।’- থানাত নি ৩ গৰাকী মহিলাক অমানুষিক অত্যাচাৰ চলোৱা ঘটনা সন্দৰ্ভত মত প্ৰকাশ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

    NRCৰ পৰা খিলঞ্জীয়াৰ নাম কৰ্তন কৰি ৰাখি তেওঁলোকক অন্যায় কৰাৰ অধিকাৰ কোনে দিলে, কাৰ ভুলৰ বাবে লাখ লাখ খিলঞ্জীয়াৰ নাম বাদ পৰিল তাৰ এটা ন্যায়িক তদন্ত হ’ব লাগে- NRC সন্দৰ্ভতো মন্তব্য গগৈৰ। খিলঞ্জীয়াৰ নাম কৰ্তন কৰা বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগে। NRCৰ পৰা নাম বাদ পৰাসকলৰ পুনৰীক্ষণ কৰিব লাগে বুলিও মন্তব্য তৰুণ গগৈৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং