18 C
Guwahati
Tuesday, November 22, 2022
More

    প্ৰধানমন্ত্ৰী মোদী সৰ্বজান্তা: তৰুণ গগৈ

    প্ৰধানমন্ত্ৰীয়ে পুঁজিপতিৰহে মনৰ কথা শুনে, সৰ্বসাধাৰণৰ মনৰ কথা নুশুনে

    কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদ মেল। বাজেট সন্দৰ্ভত গগৈয়ে কয় যে, কেন্দ্ৰীয় বাজেটে দেশৰ ৰাইজক নিৰাশ কৰিলে। এই চৰকাৰৰ দেশ চলাব পৰা দক্ষতা নাই।

    লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত কয় যে মোদীক কোনো পৰামৰ্শদাতা নালাগে, প্ৰধানমন্ত্ৰী মোদী সৰ্বজান্তা। যাৰ বাবে দেশৰ অৰ্থনৈতিক অৱস্থা অৱনতি হৈছে।

    ২০২০ বাজেটৰ দ্বাৰা পুজিঁপতিহে লাভাম্বিত হোৱাৰ কথা কয় গগৈয়ে। সৰ্বসাধাৰণৰ কোনো লাভাম্বিত নহয় এই বাজেটৰ দ্বাৰা।

    প্ৰধানমন্ত্ৰীয়ে পুঁজিপতিৰহে মনৰ কথা শুনে, সৰ্বসাধাৰণৰ মনৰ কথা নুশুনে। লগতে বিমুদ্ৰাকৰণৰ ফলত বেংকসমূহে আজিও সমস্যাৰ সন্মুখীন হৈ আছে। নিৱনুৱা সমস্যা সমাধানৰ বাবে কোনো পদক্ষেপ লোৱা নাই এই বাজেটত বুলি ক্ষোভ উজাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

    ‘কা’ বিৰোধী আন্দোলন স্থবিৰ হোৱাক লৈ তৰুণ গগৈৰ প্ৰতিক্ৰিয়া। আন্দোলন স্থবিৰ হ’লেও মানুহৰ মনৰ ক্ষোভ আঁতৰা নাই। যদি ক্ষোভ কমে তেতিয়া আমি প্ৰকৃত অসমীয়াই নহয়। এই ক্ষোভৰ বহিঃপ্ৰকাশ হ’ব ২১ৰ নিৰ্বাচনত।

    নতুন ৰাজনৈতিক দল সন্দৰ্ভত গগৈয়ে কয় যে, অসম আন্দোলনৰ শেষৰ ফালেও আছুৱে নাৰ্ভাছ কৰিছিল। লগতে সংগঠনৰ নেতৃত্বই ৰাজনৈতিক দল গঠন কৰিম বুলি কোৱাৰ বাবেও প্ৰতিবাদ কম হ’ব পাৰে বুলি মত পোষকতা কৰে তৰুণ গগৈয়ে। অৱশ্যে ছাত্র সকলে সকলো সময়তো পঢ়া বাদ দি আন্দোলন কৰি থকাৰ সমৰ্থন নকৰে গগৈয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং