27 C
Guwahati
Thursday, October 14, 2021
More

    CAB সম্পৰ্কে ৰাজীৱ ভৱনত তৰুণ-প্ৰদ্যুৎ-গৌৰৱৰ অটল স্থিতি, কোনে কি ক’লে?

    মহাৰাষ্ট্ৰত যিদৰে মাৰাঠী আৱেগকলৈ সকলো একগোট হৈছে। শিৱ সেনা, কংগ্ৰেছ, এন চি পি একগোট হৈছে। ইয়াতো সকলো একগোট হৈ যুঁজিব লাগে। আমাক গোলাম বনাব বিচাৰিছে। আমি গোলাম নহওঁ, আমি নাগৰিক হ'ম

    • তৰুণ গগৈ

    মুখ্যমন্ত্ৰী দুৰ্বল হোৱাৰ কাৰণে অমিত শ্বাহে CAB জাপি দিবলৈ সাহস কৰিছে ৷ মিজোৰাম, অৰুণাচল, নাগালেণ্ড, মণিপুৰত দিব পৰা নাই ৷ Inner Line Permit আছে কাৰণে সেইবোৰ ৰাজ্যত কোনোৱে মাটি কিনিব নোৱাৰে ৷ BJPয়ে আভুৱা ভাৰিছে অসমক ৷ অমিত শ্বাহৰ পৰা হিমন্তই বাহ বাহ ল’বলৈ CAB আনিবই বুলি কৈ আছে ৷ হিমন্তই ৰজাক সন্তুষ্ট কৰিবলৈ, মুখ্যমন্ত্ৰী হ’বলৈ CABৰ হৈ মাত মাতি আছে ৷ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে গাদী ৰক্ষাৰ বাবে CABৰ বিৰুদ্ধে মাত মতা নাই ৷ সোণোৱালে এদিন ভুগিব লাগিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজেৰে প্ৰতিবাদৰ বাবে আহিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁৰ সৎ সাহস থাকিব লাগিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ সৈতে মুখামুখি হ’বলৈ ৷ CAB যদি ভালেই বুজাব লাগিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰীক। মই মহন্তক ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁ জাতিটোৰ স্বাৰ্থত ওলাই আহিছে। তেওঁ এটা আন্দোলন কৰিছিল আৰু সেই আগৰ স্থিতিতে অটল আছে। মই তেওঁক ধন্যবাদ জনাইছোঁ।

    • প্ৰদ্যুৎ বৰদলৈ

    অগপৰ বৰ্তমানৰ স্থিতি অসমীয়া মানুহৰ বাবে দুৰ্ভাগ্যজনক। অগপই আঞ্চলিকতাবাদৰ পোচাক সলাই পেলাইছে। Cabৰ বিৰুদ্ধে আমি যুঁজি যাম। সংখ্যাগৰিষ্ঠতাৰ দিশত বিজেপি আগুৱাই যাব বিচাৰিব। কিন্তু আমি যুজঁ দি যাম। বুলডোজাৰ আমাৰ ওপৰেৰে নিব বিচাৰিব। তথাপিও আমি আঁতৰি নাহো। অসম চুক্তিকে নস্যাত কৰিব। অসম আন্দোলনতকৈ ভয়ংকৰ পৰিস্থিতি হ’ব। সৰ্বানন্দ সোণোৱাল নিজে ছাত্ৰ নেতা আছিল। কিন্তু আজি তেওঁৰ স্থিতি দুৰ্ভাগ্যজনক। তেওঁ ৰাজহাড় পোণ কৰি থিয় হ’ব নোৱাৰা মুখ্যমন্ত্ৰী। তেওঁৰ স্থিতি লেতুসেতু। ‘পাৱে পৰি হৰি’ দৰে হৈছে।

    • গৌৰৱ গগৈ

    হিমন্ত বিশ্ব শৰ্মাৰ টিভিৰ talk show যিয়ে নকওঁক কিয় CABআহিলে কি হ’ব সকলোৱে জানে। অগপৰ এতিয়া আৰু আঞ্চলিকতাবাদৰ কথা কোৱা কোনো নৈতিক অধিকাৰ নাই। আমি বিৰোধিতা কৰি আহিছিলো আৰু বিৰোধিতা কৰি যাম। CAB আনি অসমৰ মানুহক অসন্মান কৰিছে। উত্তৰ পূৱত CABৰ বিৰোধিতা হোৱাৰ পিছতো অমিত শ্বাহে অহংকাৰীভাৱে CAB আনিব বিচাৰিছে। অগপৰ কিছু নেতাই বিজেপিৰ হৈ কাম কৰি আছে। অগপ শেষ কৰিব অগপৰ ভিতৰৰ নেতাই। কিন্তু তৃণমূলকৰ্মীৰ সিদ্ধান্ত সেয়া নহয়। এতিয়া সকলো ৰাজনৈতিক দল একগোট হৈ ইয়াৰ বিৰুদ্ধে যুঁজিব লাগে। মহাৰাষ্ট্ৰত যিদৰে মাৰাঠী আৱেগকলৈ সকলো একগোট হৈছে। শিৱ সেনা, কংগ্ৰেছ, এন চি পি একগোট হৈছে। ইয়াতো সকলো একগোট হৈ যুঁজিব লাগে। আমাক গোলাম বনাব বিচাৰিছে। আমি গোলাম নহওঁ, আমি নাগৰিক হ’ম। মই সকলোকে আহ্বান জনাইছোঁ সকলো ওলাই আহক আৰু একগোট হৈ যুজঁ দিয়ক। মই অগপৰ নেতাক কোৱা নাই, যি সকল তৃণমূলকৰ্মীয়ে ইয়াৰ বিৰোধিতা কৰিছে তেওঁলোক ওলাই আহক আৰু একেলগে যুজঁ দিয়ক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং