30 C
Guwahati
Tuesday, September 27, 2022
More

    তামুলপুৰত আৰক্ষীক আক্ৰমণ যুৱকৰ; আক্ৰমণত আহত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

    আৰক্ষী বিষয়াজনৰ লগতে আৰক্ষীৰ গাড়ী চালক বিশ্ব বিশ্বাসকো আক্ৰমণ কৰি মূৰ ফালি দিয়ে। যুৱকজনৰ আক্ৰাণত স্থানীয় গাঁওবুঢ়াজনো আহত হয়

    বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ওডালগুৰি গাঁৱত এজন যুৱকৰ আক্ৰমণত তামুলপুৰ আৰক্ষী থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাস গুৰুতৰভাৱে আহত হয়। সোমবাৰে নিশা ওদালগুৰি গাঁৱলৈ কোকৰাঝাৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা এজন লোকক ওদালগুৰি গাঁৱৰ নিজ গৃহলৈ প্ৰেৰণ কৰা হৈছিল। লোকজন গাঁৱত আহি পোৱাৰ পিছত গাঁওবাসীয়ে ভয় আৰু শংকাত লোকজনক ঘৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল।

    এই খবৰ পোৱা মাত্ৰকে নিশা ১০.৩০ বজাত তামুলপুৰ আৰক্ষী থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপ-পৰিদৰ্শক মনোজ কুমাৰ দাসে আৰক্ষীৰ বাহন লৈ আৰক্ষী থানাৰ চৰকাৰী গাড়ী চালক বিশ্ব বিশ্বাসক লগত লৈ নিশা ওদালগুৰি গাঁৱত উপস্থিত হয়। আৰক্ষী বিষয়া জনে উপস্থিত হৈ গাঁওবাসীৰ লগত আলোচনা কৰি লোকজনক ঘৰৰ ভিতৰত প্ৰৱেশৰ ব্যৱস্থা কৰি থকাৰ সময়তে গাঁওখনৰে সৌডমচাৰ বড়ো নামৰ এজন যুৱকে সমগ্ৰ ঘটনা মোৱাইল ফোনত ৰেকডিং কৰি আছিল। আৰক্ষী বিষয়াজনে মোৱাইল ফোনত ৰেকডিং কৰাত বাধা প্ৰদান কৰাত সৌডামচাৰে যুৱকজনে হাতত থকা হেলমেটেৰে আৰক্ষী বিষয়া মনোজ কুমাৰ দাসক গাঁওবাসীৰ সন্মুখতে উপৰ্যুপুৰি প্ৰহাৰ কৰে।

    আৰক্ষী বিষয়াজনৰ লগতে আৰক্ষীৰ গাড়ী চালক বিশ্ব বিশ্বাসকো আক্ৰমণ কৰি মূৰ ফালি দিয়ে। যুৱকজনৰ আক্ৰাণত স্থানীয় গাঁওবুঢ়াজনো আহত হয়। যুৱকজনৰ আক্ৰমনত আৰক্ষী বিষয়াজনৰ হাতৰ আঙুলিৰ হাড় ভাঙি যায়। নিশাই আৰক্ষী বিষয়াসহ চালকজনক তামুলপুৰ প্ৰাথমিক চিকিৎসালৈ প্ৰেৰণ কৰে। গুৰুতৰভাৱে আহত আৰক্ষী বিষয়া মনোজ কুমাৰ দাসক নিশাই উন্নত চিকিৎসাৰ বাবে নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰায়।

    ঘটনা সংঘটিত কৰাৰ পিছত সৌডামচাৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও মঙলবাৰে যুৱকজনে তামুলপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। সৌডামচাৰৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং