28 C
Guwahati
Tuesday, October 4, 2022
More

    এই সুন্দৰ ঠাই পৰিভ্ৰমণ কৰক আৰু ওলোটাই চৰকাৰৰ পৰা লাভ কৰক টকা

    টুৰিজিম চেক্টৰক উন্নত কৰাৰ বাবেই এই অভাৰ ভ্ৰমণকাৰীলৈ

    কৰ’ণা মহামাৰী আৰু লকডাউনৰ বাবে এতিয়া বিশ্বৰ সকলো লোক নিজ নিজ ঘৰত আৱদ্ধ। কোনেও কতো যাব পৰা নাই ওলাই। সুৰক্ষাৰ বাবে নিজৰ লগতে নিজৰ পৰিয়ালকো ঘুৰা ফুৰাৰ পৰা দূৰত ৰাখিছে সকলোৱে তেনে এক সময়তে ঘুৰা ফুৰা কৰি ভাল পোৱা লোকৰ বাবে এক অতি সুখৰ খবৰ আহিছে।

    এখন অতি মনোমোহা ঠাই পৰিয়ালৰে সৈতে প্ৰৰিভ্ৰমণ কৰক আৰু লাভ কৰক বহু টকা। পিছে এই অদ্ভুদ অফাৰ লৈ আহিছে কোনে। তাকো নিজৰ লোকচান কৰি কোনে দিব এই অফাৰ আৰু কিয়?

    এই সকলো প্ৰশ্নৰ উত্তৰ আছে জাপানৰ লগত। হয়, জাপান চৰকাৰে তেওঁলোকৰৰ দেশ পৰিভ্ৰমণ কৰাৰ বাবদ ভ্ৰমণকাৰীক তেওঁলকোৰ যাত্ৰাৰ খৰচৰ আধা টকা দিব। মানে আপুনি কেৱল আধা টকাতেই এখন অতি মনোমোহা দেশ ঘুৰিপকি আহিব পাৰিব। এই অফাৰ দিয়া হৈছে একমাত্ৰ দেশখনৰ টুৰিজিম চেক্টৰক উন্নত কৰাৰ এক কৌশল।

    ইয়াৰ বাবদ দেশখনে ১৮.২ বিলিয়ন ডলাৰ খৰচ কৰিব। দেশখনৰ টুৰিজিম বিভাগৰ মুখ্য সচীব হিৰোচী টাবাটাই এই অফাৰৰ কথা সদৰি কৰিছে। পিছে এই বিষয়ত আৰু অধিক তথ্য পিছলৈ সদৰি কৰিব।

    অৱশ্যে দেশৰ খনৰ চৰকাৰে জানিবলৈ দিয়া অনুসৰি এই আঁচনি অহা জুলাই মাহৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা। বৰ্তমানে দেশখনত ভ্ৰমণকাৰীৰ বাবে নিষিদ্ধ হৈ আছে। কোনো বহিৰাগত লোক দেশখনত প্ৰৱেশ কৰিব নোৱাৰে।

    Photo Credit: Climate home news

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং