27 C
Guwahati
Wednesday, October 13, 2021
More

    তাজমহল চাবলৈ ভৰিব লাগিব দুগুণ টকা! বৃদ্ধি হ’ব পাৰে টিকটৰ মূল্য

    ২০২০ৰ জানুৱাৰী মাহত নতুন দৰ বলবৎ হোৱাৰ সম্ভাৱনা

    তাজমহলসহ জিলাৰ প্ৰতিটো স্মাৰক চাবলৈ আপুনি ভৰিব লাগিব দুগুণ টকা। টোল উপদেষ্টা সমিতিয়ে এইসমূহ স্মাৰকত টোল বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। আগৰা বিকাশ প্ৰাধিকৰণৰ বিষয়াসকলে জনোৱা অনুসৰি চলিত সপ্তাহৰ অন্তলৈ এই প্ৰস্তাৱ প্ৰশাসনলৈ প্ৰেৰণ কৰা হ’ব। তাৰ পৰা অনুমতি পোৱাৰ লগে লগে টিকটৰ দৰ বৃদ্ধি কৰা হ’ব। ২০২০ৰ জানুৱাৰী মাহত নতুন দৰ বলবৎ হোৱাৰ সম্ভাৱনা।

    তাজমহলসহ প্ৰতিটো স্মাৰকৰ পৰা লোৱা টোলৰ পৰা পৰ্যটন সুবিধা বিকাশ কৰা হ’ব। পৰ্যটকে পুৰাতত্ত্ব বিভাগৰ টিকট ক্ৰয় কৰি আগৰা বিকাশ প্ৰাধীকৰণৰ টোলৰ টিকট প্ৰদান কৰে। বৰ্তমানলৈ স্মাৰকত পুৰাতত্ত্ব বিভাগৰ টিকটৰ দৰ যথেষ্ট আছিল আৰু টোলৰ কৰ কম আছিল। ADA-এ টোলৰ কৰ বৃদ্ধি কৰি ASIৰ সমান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।

    তাজমহল
    বিদেশী পৰ্যটকৰ বাবে তাজমহল প্ৰৱেশৰ শুল্ক হ’ব ১২০০ টকা। বৰ্তমান ১১০০ টকা।
    SAARC দেশৰ পৰ্যটকৰ ৰেহাই, তেওঁলোকে দিব লাগিব ৫০০ টকা।
    দেশী পৰ্যটকে প্ৰৱেশৰ বাবে ৪০ টকা বেছি ভৰিব লাগিব, টিকট লাভ কৰিব ৮০ টকা।
    প্ৰতিগৰাকী পৰ্যটকে মুখ্য গম্বুজত প্ৰৱেশ কৰিবলৈ দিব লাগি ২০০ টকাতকৈ অধিক।

    আগৰা কিলা
    দেশী পৰ্যটকৰ বাবে টিকট ৩০ টকাৰ পৰা বৃদ্ধি হৈ হ’ব ৮০ টকা।
    বিদেশী পৰ্যটকৰ বাবে টিকট ৫৫০ টকাৰ পৰা বৃদ্ধি হৈ হ’ব ১২০০ টকা।
    SAARC দেশৰ পৰ্যটকৰ ৰেহাই, তেওঁলোকে দিব লাগিব ৫০০ টকা।

    চিকন্দৰা স্মাৰক
    দেশী পৰ্যটকৰ বাবে টিকট ২৫ টকাৰ পৰা বৃদ্ধি হৈ হ’ব ৫০ টকা।
    বিদেশী পৰ্যটকৰ বাবে টিকট ৩০০ টকাৰ পৰা বৃদ্ধি হৈ হ’ব ৬০০ টকা।
    SAARC দেশৰ পৰ্যটকৰ বাবে ২৫ টকাকৈ বৃদ্ধি কৰি হ’ব ৫০ টকা।

    এত্মাদুদ্দৌলা
    দেশী পৰ্যটকৰ বাবে টিকট ২৫ টকাৰ পৰা বৃদ্ধি হৈ হ’ব ৫০ টকা।
    বিদেশী পৰ্যটকৰ বাবে টিকট ৩০০ টকাৰ পৰা বৃদ্ধি হৈ হ’ব ৬০০ টকা।
    SAARC দেশৰ পৰ্যটকৰ বাবে ২৫ টকাকৈ বৃদ্ধি কৰি হ’ব ৫০ টকা।

    ফতেহপুৰ চিকৰী
    দেশী পৰ্যটকৰ বাবে টিকট ৪০ টকাৰ পৰা বৃদ্ধি হৈ হ’ব ৮০ টকা।
    বিদেশী পৰ্যটকৰ বাবে টিকট ৬০০ টকাৰ পৰা বৃদ্ধি হৈ হ’ব ১২০০ টকা।
    SAARC দেশৰ পৰ্যটকৰ বাবে ৪০ টকাকৈ বৃদ্ধি কৰি হ’ব ৮০ টকা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং