31 C
Guwahati
Sunday, September 26, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    ৰাজ্যিক মৰ্যদাৰে সম্পন্ন টাবুৰাম টাইডৰ শেষকৃত্য

    ৰাজ্যিক মৰ্য্যদাৰে সম্পণ্ণ কৰা হ’ল বিশিষ্ট শিক্ষাবিদ, অধ্যাপক, ভাষাবিদ, আগম মিগাং টাবুৰাম টাইড দেৱৰ শেষকৃত্য । দেওবাৰে দিনৰ ১২ বজাত এখন বিশেষ হেলিকপ্টাৰেৰে নিজ গৃহ লখিমপুৰৰ ঘুনাসূঁতিলৈ অনা হয় । ঘুনাসূঁতিতে পৰিয়াল তথা আত্মীয় আৰু গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই ঘুনাসূঁতিৰ পৰা পুনৰ হেলিকপ্টাৰেৰে লখিমপুৰ-ধেমাজিৰ মধ্যস্থল গোগামুখৰ মহৰীকেম্প ৰাজীৱ গান্ধী খেলপথাৰত অৱতৰণ কৰে।

    শিক্ষাবিদ টাবুৰাম টাইডৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত বাহনেৰে গোগামুখ নগৰৰ মাজেৰে শুভাযাত্ৰা কৰি আবুটানি লৱালৈ অনা হয় আৰু শেষ শ্ৰদ্ধাঞ্জলি জনায়।

    ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পাদন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ধেমাজি জিলা উপায়ুক্ত মানবেন্দ্ৰ সিঙে ৷ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত উপস্থিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত।

    শেষকৃত্যৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি শেষশ্ৰদ্ধা জনায় ধেমাজিৰ বিধায়ক ৰণোজ পেগু, জোনাইৰ বিধায়ক ভূৱন পেগু, মিচিং স্ৱায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়া, টি এম পি কে, এম এম কে, টি এম এম কে, বানে কেবাং সংগঠনে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    আজি বিশ্বকৰ্মা পূজা, সমগ্ৰ ৰাজ্যতে পূজাৰ ব্যস্ততা

    বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহো পুৱাৰে পৰা ব্যস্ততা দেখা গৈছে

    ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী বিধায়িকাৰ নৃত্য, চাওক VIDEO

    আনহাতে বিধায়িকাগৰাকীক এই সন্দৰ্ভত আছুৱে চেপনৰ ৰণশিঙা কাৰ্যসূচীৰ পৰা প্ৰত্যাহ্বান জনাই এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়

    “ইচ্ছামৃত্যু” বিচাৰি বেতন বঞ্চিত শিক্ষকৰ ৰাষ্ট্রপতি-ৰাজ্যপাললৈ আবেদন

    শিৱসাগৰ জিলাৰ ১৫০০ ৰো অধিক শিক্ষক শিক্ষয়িত্ৰীয়ে বিগত ৮ বছৰ ধৰি মাহেকীয় দৰমহাৰ পৰা বঞ্চিত হৈ আছে

    ন্যায়ালয়ত মুখ থেকেচা নৱ ঠাকুৰীয়াৰ, কাইলৈ অনুষ্ঠিত হ’বই গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন

    কাইলৈ পুৱা ৮ বজাৰ পৰাই বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন। বিয়লি ৫ বজাৰ পৰা হ’ব ভোট গণনা

    মেডিক্যাল থেকে পালিয়ে গেল করোনা রোগী, পরে শ্বশুরবাড়ি থেকে আটক

    ভোরে শৌচাগারে যাওয়ার কথা বলে কোভিড আইসিইউতে চিকিৎসাধীন ওই রোগী পালিয়ে যান মেডিক্যাল থেকে।

    ৰহস্যময়ী Bloodwood Tree, কাটিলে ওলাই মানুহৰ দৰে তেজ

    এই অসাধাৰণ ব্লাডউড ট্ৰী(Bloodwood tree) দক্ষিণ আফ্ৰিকাৰ উপৰিও মোজাম্বিক, নামীবিয়া, তঞ্জানিয়া আৰু জিম্বাৱে'ৰ দৰে দেশত পোৱা যায়