30 C
Guwahati
Wednesday, October 27, 2021
More

    এজনে ক’লে ‘হিন্দীত কথা কওক’, মুখ বন্ধ হৈ পৰিল তাপসী পন্নুৰ উত্তৰত

    অনুষ্ঠানৰ সময়ত তাপসীক পোনপটীয়াভাৱে প্ৰশ্ন সুধিছিল আৰু তাপসীয়েও উত্তৰ দিছিল পোনপটীয়াভাৱে

    শনিবাৰে বলীউড অভিনেত্ৰী তাপসী পন্নুয়ে ৫০ সংখ্যক ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়াত অংশগ্ৰহণ কৰিছিল। এই ইভেণ্টটোত তেওঁ কথা-বতৰা পাতিছিল ৰাইজৰ সৈতে। সেই সময়তে তাপসীয়ে এজন লোকক দিয়া আকৰ্ষণীয় উত্তৰত লোকজনে মুখ বন্ধ কৰিবলৈ বাধ্য হৈ পৰিল। এটা প্ৰশ্নৰ উত্তৰত তাপসীয়ে কৈছিল যে ভাৰতত কেৱল হিন্দী ভাষাই নাই, তেওঁ তামিল আৰু তেলেগু ছবিতো কাম কৰে।

    অনুষ্ঠানৰ সময়ত তাপসীক পোনপটীয়াভাৱে প্ৰশ্ন সুধিছিল আৰু তাপসীয়েও উত্তৰ দিছিল পোনপটীয়াভাৱে। এই প্ৰশ্ন আৰু উত্তৰৰ মাজতে এজন লোকে তাপসীক ইংৰাজীৰ পৰিৱৰ্তে হিন্দীতে কথা পাতিবলৈ দিছিল তেতিয়া তাপসীয়ে স্পষ্টকৈ কৈছিল যে ভাৰতত কেৱল হিন্দী ভাষাই নাই, তেওঁ তামিল আৰু তেলেগু ছবিতো কাম কৰে। তাপসীৰ এই প্ৰতিক্ৰিয়া শুনি লোকজনে মুখ বন্ধ কৰি নিজৰ ছীটত বহিবলৈ বাধ্য হৈ পৰিল।

    দৰাচলতে লোকজনে প্ৰশ্নটো সোধাৰ পিছতে তাপসীয়ে উপস্থিত ৰাইজক সুধিছিল, ‘ইয়াত উপস্থিত থকা প্ৰতিগৰাকী লোকে হিন্দী বুজি পাইনে?” ইয়াৰ পিছতো লোকজনে ক’লে যে আপুনি বলীউডৰ অভিনেত্ৰী সেইবাবে আপুনি হিন্দীত কথা ক’ব লাগে। উত্তৰত তাপসীয়ে ক’লে, ‘মই তামিল আৰু তেেলগু ছবিটো কাম কৰো। মই তামিল ভাষাত কথা কও নে?”

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং