26 C
Guwahati
Monday, September 26, 2022
More

    Breaking: অণুশীলনৰ বাবে ষ্টেডিয়ামত উপস্থিত কোহলী বাহিনী

    সমগ্ৰ ক্ৰিকেটপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে ভাৰত বনাম শ্ৰীলংকা হাই ভল্টেজ খেলখন উপভোগ কৰিবলৈ

    কাইলৈ অৰ্থাৎ ৫ জানুৱাৰীত অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত বহু প্ৰত্যাশিত ভাৰত-শ্ৰীলংকাৰ মাজত T-20 ক্ৰিকেট মেচ।

    ভাৰতীয় ক্ৰিকেট দল অনুশীলনৰ বাবে বৰ্ষাপৰা ষ্টেডিয়াম আহি উপস্থিত হৈছে৷ উল্লেখ্য যে মেচখনৰ বাবে শ্ৰীলংকাৰ ক্ৰিকেট দল ২ জানুৱাৰীত আৰু ভাৰতীয় ক্ৰিকেট দল ৩ জানুৱাৰীত গুৱাহাটীত উপস্থিত হৈছিল।

    সমগ্ৰ ক্ৰিকেটপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে হাই ভল্টেজ খেলখন উপভোগ কৰিবলৈ। অণুশীলনৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামলৈ এখন আটক ধুনীয়া বাছত ভাৰতীয় ক্ৰিকেট দলটো আহি থকাৰ সময়ত খেলুৱৈসকলক এপলক দেখাৰ মানসেৰে ৰাজপথত ভিৰ কৰেহি উৎকণ্ঠিত জনতাই।

    Photo Credit:@smitaranideka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং