26 C
Guwahati
Friday, October 7, 2022
More

    ছুইজাৰলেণ্ডৰ আল্পছ পৰ্বতত জিলিকিল ভাৰতৰ জাতীয় পতাকা

    মেটাৰহাৰ্ণ নামৰ শৃংগটোত পোহৰেৰে ভাৰতীয় জাতীয় পতাকাৰ ফটো প্ৰতিফলিত কৰিলে

    সমগ্ৰ বিশ্বই এতিয়া কৰ’ণা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যস্ত। যাৰ বাবেই এতিয়া বিশ্বৰ অন্য দেশ সমূহৰ লগতে ভাৰতবৰ্ষতো লকডাউন চলি আছে। এতিয়া ভাৰতবৰ্ষত দ্বিতীয় পৰ্যায়ৰ লকডাউন কাৰ্যকৰী হৈ আছে। আৰু এই কৰ’ণাৰ বিৰুদ্ধে যুঁজতেই ভাৰতে যি তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে অন্য বহু দেশেই প্ৰসংশা কৰিছে।

    ছুইজাৰলেণ্ডেও ভাৰতক প্ৰসংশা কৰিছে কৰ’ণাৰ বিৰুদ্ধে কৰা তাৎক্ষণিক যুঁজৰ। পিছে দেশ খনে অন্য দেশৰ দৰে কেৱল টুইটাৰ বাবে টেলিফোন যোদে প্ৰসংশা কৰা নাই। এক অন্য ধৰণেহে প্ৰসংশা কৰিছে ভাৰতৰ। আল্পছ পৰ্বত শাৰীৰ মেটাৰহাৰ্ণ নামৰ শৃংগটোত পোহৰেৰে ভাৰতীয় জাতীয় পতাকাৰ ফটো প্ৰতিফলিত কৰিলে।

    ছুইজাৰলেণ্ডত থকা ভাৰতীয় দুতাবাসে টুইটাৰ যোগে এই ফটো শ্বেয়াৰ কৰিছে, আৰু লগতে লিখিছে এয়া বিশ্বৰ ঐক্যবদ্ধ যুঁজ। মানৱতা নিশ্চিত ৰূপত এই যুঁজত জয়ী হ’ব। ছুইজাৰলেণ্ডৰ অতিকে জনপ্ৰিয় পোহৰ শিল্পীয়ে ১৪,৬৯০ ফুট উচ্চতাত এই কাৰীকৰী কৰে। উল্লেখ্য যে যোৱা ২৪ মাৰ্চৰ পৰা আল্পছ পৰ্ৱতত বিশ্বৰ ঐক্যতা দেখুৱাবলৈ এনেদৰে পোহৰেৰে জাতীয় পতাকাৰ প্ৰদৰ্শন কৰি আহিছে।

    Photo Credit: India in Switzerland, The Holy See & Liechtenstein

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং