আমেৰিকাৰ কাটালিনা চেনেল সাঁতুৰি পাৰ হৈ অভিলেখ সৃষ্টি কৰিলে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভীছ আলী হাজৰিকাই। ১০ ঘণ্টা ৫৯ মিনিটত মুঠ ৪০ কিলোমিটাৰ সাঁতুৰি আমেৰিকাৰ পৰা মেক্সিকো পাইছিল অসম সন্তানগৰাকীয়ে।

সাগৰৰ বিপদসংকুল পথ অতিক্ৰম কৰি এই অভিলেখ দখল কৰিবলৈ সক্ষম হোৱা এলভীছ প্ৰাক্তন আন্তৰ্জাতিক সাঁতোৰবিদ ৰিমু সাহাৰ সৈতে ৰীলে কৰি সাঁতুৰিছিল। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ছাৰ্ক, তিমি মাছ আৰু ডলফিনৰ সাম্ৰাজ্যৰ মাজেৰে এই যাত্ৰা আৰম্ভ কৰিছিল এলভীছে।

কাৰ্বি আংলঙত দুৰ্বৃত্তৰ হাতত নিহত হোৱা অভি-নীলৰ সোঁবৰণিতে এই অভিযান চলাইছিল এলভীছ আলী হাজৰিকাৰ।