23 C
Guwahati
Thursday, October 28, 2021
More

    মহিলাক ঘৰতে দোপাত্তা লৈ থাকিবলৈ ক’লে ছুইগী ডেলিভাৰী বয়ে! তাৰপাছত?

    ছুইগী আপোনালোকৰ কৰ্মচাৰীক নিজৰ কামত ব্যস্ত থাকিবলৈ কওক৷ আজি আপোনালোকৰ কৰ্মচাৰীয়ে মোক ঘৰতে দোপাত্তা লৈ থাকিবলৈ উপদেশ দি গৈছে ৷ কি আছিল ইয়াৰ অৰ্থ?

    বৰ্তমান সময়ত ছুইগীৰ জনপ্ৰিয়তা কিমান সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ ঘৰতে বহি আপুনি মন পচন্দৰ খানা অৰ্ডাৰ কৰক আৰু ছুইগীৰ কৃপাত সঠিক সময়ত খানা আহি হাজিৰ আপোনাৰ সন্মুখত৷ বহুতো যুৱকে ছুইগী ডেলিভাৰী বয় ৰূপেৰে নিজৰ জীৱিকাৰ বাট মুকলি কৰিছে৷ এইবাৰ কিন্তু ছুইগীৰ নাম সাঙোৰ খাইছে আন এটা বিষয়তহে৷ বিতৰ্কত সোমাইছে ছুইগী ডেলিভাৰী বয় ৷ ঘটনাৰ স্থান তামিলনাডু৷ কিন্তু ছচিয়েল মিডিয়াত তামিলনাডুৰ বাহিৰতো বিষয়টোৱে চৰ্চা লাভ কৰিছে৷

    এগৰাকী মহিলাই ছুইগী ডেলিভাৰী বয়ৰ সম্পৰ্কত টুইট কৰে এনেদৰে- মই ছুইগীত খানা অৰ্ডাৰ কৰিছিলো৷ ছুইগীৰ ডেলিভাৰী বয়জনে মোক খানা দিবলৈ আহি কয় ঘৰত থাকিলেও মহিলাই বুকুত দোপাত্তা লৈ থাকিব লাগে৷ মহিলাগৰাকীয়ে টুইটাৰত ছুইগীক টেগ কৰি লিখে- ছুইগী আপোনালোকৰ কৰ্মচাৰীক নিজৰ কামত ব্যস্ত থাকিবলৈ কওক৷ আজি আপোনালোকৰ কৰ্মচাৰীয়ে মোক ঘৰতে দোপাত্তা লৈ থাকিবলৈ উপদেশ দি গৈছে ৷ কি আছিল ইয়াৰ অৰ্থ? এতিয়া মই কি তেওঁৰ পৰা শিষ্টাচাৰ শিকিব লাগিব নেকি? হয় কোন তেওঁ মই কি পিন্ধো কি নিপিন্ধো সেই বিষয়ত কথা ক’বলৈ, তাকো মোৰ নিজৰ ঘৰত৷

    মহিলাগৰাকীৰ টুইট এতিয়া ভাইৰেল হৈ পৰিছে৷ বহুতে তেওঁক ট্ৰলো কৰিছে৷ এই কথাত খং উঠি মহিলাগৰাকীয়ে পুনৰ টুইট কৰে মহিলা এগৰাকীক ঘৰতে আহি অপমান কৰাৰ পাছতো যাৰ হাঁহি উঠিছে তেনে মানুহক মই ব্লক কৰিম৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং