27 C
Guwahati
Monday, September 26, 2022
More

    যৌন শোষণৰ অভিযুক্ত চিন্ময়ানন্দক সন্ত সমাজৰ পৰা বহিষ্কৃত

    এই কাৰ্য কেৱল নিন্দনীয় নহয় অক্ষমণীয়ো। ইয়াৰ পিছত চিন্ময়ানন্দক সন্ত বুলি কোৱাৰ কোনোধৰণৰ যুক্তি নাই

    উত্তৰ প্ৰদেশৰ শ্বাহজহনপুৰত আইন মহাবিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযুক্ত প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী চিন্ময়ানন্দক অখিল ভাৰতীয় অখাৰা পৰিষদে সন্ত সমাজৰ পৰা বহিষ্কৃত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১০ অক্টোবৰত হৰিদ্বাৰত অনুষ্ঠিত হ’বলগীয়া অখাৰা পৰিষদৰ বৈঠকত অখাৰাৰ প্ৰতিনিধিৰ উপস্থিতিত এই সন্দৰ্ভত অনুমোদন জনোৱা হ’ব। শুকুৰবাৰে গ্ৰেপ্তাৰ হোৱাৰ পিছত আদালতে ৪ অক্টোবৰলৈ চিন্ময়ানন্দক জেললৈ প্ৰেৰণ কৰিছিল।

    অখাৰা পৰিষদৰ অধ্যক্ষ মহন্ত নৰেন্দ্ৰ গিৰিয়ে ক’লে যে, এফালে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সন্ত সমাজৰ সন্মান শিখৰত ৰাখিছে আৰু আনফালে চিন্ময়ানন্দই নিজৰ কাৰ্যৰে সন্ত সমাজক অপমানিত কৰিছে। এই কাৰ্য কেৱল নিন্দনীয় নহয় অক্ষমণীয়ো। ইয়াৰ পিছত চিন্ময়ানন্দক সন্ত বুলি কোৱাৰ কোনোধৰণৰ যুক্তি নাই। ইয়াৰ জৰিয়তে সন্ত সমাজৰ প্ৰতিষ্ঠা আৰু মৰ্যাদা ক্ষতিগ্ৰস্ত হৈছে। এই ঘটনাক লৈ সন্ত সমাজ খুবেই দুঃখিত।

    ২৪ আগষ্টত ছাত্ৰীগৰাকীয়ে ভিডিঅ’ ভাইৰেল কৰি স্বামী চিন্ময়ানন্দৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছত ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈছিল।

    Photo credit: livehindustan.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং