ফলাফল লাভ কৰাৰ পূৰ্বেই শিৱসাগৰত অঘটন। পৰীক্ষাৰ ফলাফল বেয়া হব বুলিয়ে আত্মহত্যাৰ সন্দেহ এগৰাকী ছাত্ৰীৰ।
শিৱসাগৰৰ ৰজনী কুমাৰী শ্বাহ নামৰ এগৰাকী ছাত্ৰী নিৰুদেশ।
শিৱসাগৰ ছোৱালী কলেজৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল ৰজনী কুমাৰী শ্বাহ।
আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক কলা শাখাৰ পৰীক্ষাৰ্থী আছিল ৰজনী।
শিৱসাগৰ নগৰৰ হাস্পতাল ৰোড নিবাসী উমা শংকৰ শ্বাহ আৰু কুসুম শ্বাহৰ জ্যেষ্ঠ কন্যা আছিল ৰজনী।
দিখৌ দলঙৰ ওপৰত উদ্ধাৰ হৈছে ছাত্ৰী গৰাকীৰ ছেণ্ডেল। সেয়ে দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰাৰ সন্দেহ পৰিয়াল তথা স্থানীয় ৰাইজৰ।
আনহাতে ঘটনাস্থলীত উপস্থিত হৈছে শিৱসাগৰ আৰক্ষী। আৰক্ষীয়ে লাভ কৰিছে আত্মহত্যাৰ টোকা। পৰীক্ষাৰ ফলাফল বেয়া হব বুলি আত্মহত্যা কৰিছে বুলি উল্লেখ আছে টোকাত।
Photo Credit: @sanjaypareek