33 C
Guwahati
Wednesday, September 28, 2022
More

    ‘সোপাধৰা’ৰ সন্দেহত ‘মানসিক বিকাৰগ্ৰস্ত’ যুৱকক ৰাইজে ধৰি গতালে আৰক্ষীক

    কিছু দিনৰ পৰা হোজাইত ছচিয়েল মিডিয়াত ‘সোপাধৰা’ৰ উৰাবাতৰিক লৈ আতংকৰ সময়ত আজি পুৱাই আটক হ’ল এজন সন্দেহজনক যুৱক। যুৱকজন ঘূৰি ফুৰা দেখি সন্দেহ ওপজে স্থানীয় ৰাইজৰ। লগে লগে যুৱকজনক কৰায়ত্ত কৰি সোধা-পোছা চলায় একাংশ লোকে। তেনে সময়তে যুৱকজন পলায়ন কৰি কিছু দূৰৈত এটি খালত আত্মগোপন কৰে মেটেকাৰ মাজত। লগে লগে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত, ওলাই আহে কেইবাশতাধিক লোক।

    বহু সময় ধৰি সন্ধান চলাই পুনৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয় যুৱকজনক। তাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয়গৈ আৰক্ষী আৰু থানালৈ লৈ যায় সন্দেহজনক যুৱকজনক। ধৃত যুৱকজন বিহাৰৰ বুলি জানিব পাৰিছে আৰক্ষীয়ে। লগতে যুৱকজন মানসিকভাৱে বিকাৰগ্ৰস্ত বুলিও সন্দেহ কৰিছে বিভিন্নজনে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং