এগৰাকী নাৰী নাম তেওঁৰ সুশীলা মমিন। এগৰাকী ৮৫ বছৰীয়া বৃদ্ধা এতিয়া তেওঁ। তেওঁৰ বুকুত এতিয়াও আছে অদম্য সাহস। নিজৰ জীৱন কালত বহু ঘাট-প্ৰতিঘাত কিদৰে পাৰ কৰিলে এইগৰাকী আইতাই । কাৰ্বি পাহাৰৰ প্ৰথম গৰাকী ISC পৰীক্ষা উত্তীৰ্ণ হোৱা ব্যক্তি আছিল এইগৰাকী আইতা। কিদৰে নিজৰ সমস্ত জীৱন উৎসৰ্গা কৰিছিল সমাজৰ বাবে। নিজৰ ৭ টাকৈ সন্তানক সমাজত প্ৰতিষ্ঠিত কৰিবলৈ কিদৰে সক্ষম হৈছিল এই সমগ্ৰ বিষয়বস্তু সামৰি বিশিষ্ট সাংবাদিক লেখক দিলীপ চন্দনে লিখি উলিয়াইছে এখন জীৱনী ভিত্তিক গ্ৰন্থ ‘সুশীলা’।
উল্লেখ্য যে বোকাজানৰ বিধায়ক নোমল মমিনৰো মাতৃ এইগৰাকী সুশীলা মমিন। আজি সুশীলা মমিনৰ বাসগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূর্ণ সভাত সুশীলা উন্মোচন কৰে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই। মৃদুলা বৰুৱাই উন্মোচন কৰি কয় যে নাৰী তথা মাতৃ সকলৰ ধৈৰ্য্য, শক্তি আৰু সহনশীলতাৰ এক উৎকৃষ্ট উদাহৰণ হ’ব এই সুশীলা গ্ৰন্থখন। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটা, এসময়ৰ মোহময়ী অভিনেত্ৰী মৃদুলা বৰুৱা লগতে নিৰ্দিষ্ট বক্তা অজিত ছিংনাৰ।