23 C
Guwahati
Sunday, March 19, 2023
More

    মৃত্যুৰ ১৩ দিনৰ পিছত সুশান্তৰ পৰিয়ালৰ ফালৰ পৰা আহিল বৃহৎ সিদ্ধান্ত

    লগতে এই কথাও কয় যে, সুশান্ত সং ৰাজপুতৰ সকলো ছচিয়েল মিডিয়া একাউণ্ট পৰিয়ালৰ লোকেই সক্ৰিয় কৰি ৰাখিব

    সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ১৩ টা দিন পাৰ হ’ল। কিন্তু এতিয়াও মানুহৰ মনত সজীৱ হৈ আছে সুশান্তৰ সকলো কথা।

    পৰিয়াল তথা অনুৰাগী সকলে এতিয়াও মানি লব পৰা নাই সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ কথা।

    সুশান্তৰ দৰে এজন বহু প্ৰতিভাধৰ ব্যক্তিয়ে কিদৰে এনে এক চৰম পথ বাচি ল’লে সেই কথাৰ পাৰ পোৱা নাই কোনেও।

    সকলোৱে এতিয়াও সুশান্তক মনৰ ভিতৰত সজীৱ কৰি ৰাখিছে।

    অভিনেতাগৰাকীৰ মৃত্যুৰ ২টা সপ্তাহৰ পিছত তেখেতৰ পৰিয়ালৰ মানুহে প্ৰথমবাৰলৈ সমুখলৈ আহি কৰিলে এক বৃহৎ ঘোষণা।

    অভিনেতাগৰাকীৰ নামেৰে খোলা হ’ব এক ফাউণ্ডেছন। নাম থাকিব SSR Foundation ।

    ইনষ্টাগ্ৰাম যোগে এই কথা সদৰি কৰে পৰিয়ালৰ এগৰাকীয়ে।

    পষ্টটোত কয় যে, এই ফাউণ্ডেছনটোৰ দাৰা সুশান্তৰ প্ৰিয় তিনিটা বিষয় বিজ্ঞান, ছবিজগত আৰু খেলৰ সৈতে ডড়িত যুৱ শক্তিক সহায় কৰিব।

    লগতে পাটনাৰ ৰাজীৱ নগত স্থিত তেওঁৰ বাসগৃহটো সংগ্ৰহালয়লৈ বদলি কৰি হ’ব।

    সেই সংগ্ৰহালয়টোত সুশান্তৰ প্ৰিয় বস্তু সমূহ যেনে তেওঁৰ হাজাৰৰো অধিক সংগ্ৰহ কৰা কিতাপ, অতিকে প্ৰিয় টেলিস্ক’পটো আৰু অন্য বহুতো বস্তু।

    শেষত এই কথাও কয় যে, সুশান্তৰ সকলো ছচিয়েল মিডিয়া একাউণ্ট সক্ৰিয় ৰাখিব। পৰিয়ালৰ লোকেই সক্ৰিয় কৰি ৰাখিব সকলো একাউণ্ট।

    য’ত অভিনেতাগৰাকীৰ সৈতে জড়িত কথা সমূহ দি থাকিব তেওঁৰ অনুৰাগী সকলৰ বাবে।

    Photo credit: indiaspeaksdaily.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং