23 C
Guwahati
Sunday, March 19, 2023
More

    আৰক্ষীয়ে কৰিলে সকলো খোলোচা, সমুখলৈ আহিল সুশান্তৰ মৃত্যুৰ সত্যতা

    মুম্বাই আৰক্ষীয়ে তীব্ৰ তদন্ত অব্যাহত ৰাখিছিল অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ওপৰত। হত্যা আৰু আত্মহত্যাৰ দোমোজাত আছিল অভিনেতাগৰাকীৰ মৃত্যু।

    প্ৰথমে এয়া এক সাধাৰণ আত্মহত্যাৰ দৰেই লাগিলেও অনুৰাগী সকলে দৃঢ়তাৰে কৈ গৈছিল, আত্মহত্যা নহয় হত্যা আছিল সেয়া।

    ছচিয়েল মিডিয়াত ভাইৰেল হোৱা সুশান্তৰ মৃতদেহৰ ফটোৰ পৰাই বহুতে বহুত প্ৰমাণ বাহিৰ কৰিছিল আত্মহত্যা নহয় হত্যা বুলি।

    প্ৰথমে সুশান্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিছিল এইয়া আত্মহত্যা বুলিয়েই। কিন্তু অনুৰাগী সকলৰ বাৰম্বাৰ অনুৰোধত পুনৰ সকলো তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰে মুম্বাই আৰক্ষীয়ে।

    মুম্বাই আৰক্ষীৰ হাতত পৰিছে সকলো পৰীক্ষাৰে ৰিপৰ্ট। মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকগৰাকীৰো ভাষ্য গ্ৰহণ কৰিছে আৰক্ষীয়ে।

    যিটো কোঠাত সুশান্তৰ মৃত্যু হৈছিল সেই কোঠাটোৰো সকলো বস্তুৰে পৰীক্ষা লগতে জোখ মাপ সকলো কৰিছে আৰক্ষীয়ে।

    সকলোতে এটা কথাই পোহৰলৈ আহিছে, আত্মহত্যা।

    কোঠাৰ সকলো পৰীক্ষাতে প্ৰমাণিত এয়া আত্মহত্যা, সকলোকে সোধ পোছ কৰোতেও এয়া আত্মহত্যা, সকলো পৰীক্ষাৰ ৰিপৰ্টত আত্মহত্যা।

    আৰক্ষীয়ে অন্তিম সিদ্ধান্তত উপনিত হৈছে যে এইয়া এক সাধাৰণ আত্মহত্যা। ইয়াত কোনো হত্যাকাণ্ড সংঘটিত কৰাৰ প্ৰমাণ নাই।

    এইটো এই অতিকে হাই প্ৰফাইল কেছ আছিল, সেয়ে আৰক্ষীয়েও এৰি দিয়া নাছিল তদন্ত। কিন্তু কেনেদৰে প্ৰমাণ হল এয়া আত্মহত্যা বুলিয়েই।

    ভিতৰৰ পৰাই বন্ধ আছিল সুশান্তৰ আত্মহত্যা কৰা কোঠাৰ দুৱাৰ।

    ফেন আৰু বিছনাৰ দূৰত্ব আছিল ৫ ফুট ১১ ইঞ্চিৰ। সুশান্তৰ উচ্চতা আছিল ৫ ফুট ১০ ইঞ্চি। অৰ্থাৎ ১ ইঞ্চিৰ ব্যৱধান আছিল।

    শৰীৰত নাছিল কোনো আঘাতৰ চিন। সকলো সাক্ষী দানৰে আছিল একে ভাষ্য।

    Photo Credit: @ItsSSR

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং