17.2 C
Guwahati
Saturday, December 3, 2022
More

    দেশৰ ৪৭সংখ্যক নতুন মুখ্য ন্যায়াধীশ এছ এ ববডে, ৰাষ্ট্ৰপতিয়ে পাঠ কৰোৱালে শপত বাক্য

    ন্যায়াধীশ শৰদ অৰবিন্দ ববডে মুখ্য ন্যায়াধীশৰূপে ১৮ মাহ কাৰ্যভাৰ চম্ভালিব। তেওঁ ২০২১ৰ ২৩ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব

    ন্যায়াধীশ শৰদ অৰবিন্দ ববডেই ভাৰতৰ ৪৭সংখ্যক নতুন মুখ্য ন্যায়াধীশৰূপে শপতগ্ৰহণ কৰিেল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ন্যায়াধীশ ববডেক ভাৰতৰ মুখ্য ন্যায়াধীশৰূপে পাঠ কৰোৱালে শপত বাক্য। ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰা প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে CJI পদৰ বাবে ন্যায়াধীশ শৰদ অৰবিন্দ ববডেৰ নাম অনুমোদন জনাইছিল।

    ন্যায়াধীশ শৰদ অৰবিন্দ ববডে মুখ্য ন্যায়াধীশৰূপে ১৮ মাহ কাৰ্যভাৰ চম্ভালিব। তেওঁ ২০২১ৰ ২৩ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব। উল্লেখ্য যে অযোধ্যাৰ ৰামজন্মভূমি-বাবৰি মছজিদ বিবাদৰ ৰায় প্ৰদান কৰা ৫জনীয়া বিচাৰপীঠত ন্যায়াধীশ ববডেও অন্তৰ্ভুক্ত আছিল। মুখ্য ন্যায়াধীশ এছ এ ববডেৰ সন্মুখত কেইবাটাও ডাঙৰ সিদ্ধান্ত হ’ব আৰু এই সিদ্ধান্তসমূহত তেওঁ ৰায় দান কৰিব লাগিব।

    ন্যায়াধীশ শৰদ অৰবিন্দ ববডেৰ ১৯৫৬ৰ ২৪ এপ্ৰিলত মহাৰাষ্ট্ৰৰ নাগপুৰত জন্ম হৈছিল। নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইনত স্নাতক উপাধি গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং