25.9 C
Guwahati
Tuesday, August 9, 2022
More

    কাশ্মীৰক লৈ মোদী চৰকাৰে আজি কৰিব পাৰে গুৰুত্বপূৰ্ণ ঘোষণা

    নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে ঐতিহাসিক সিদ্ধান্ত লৈ অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছতে জম্মু-কাশ্মীৰৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ দিন

    নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে ঐতিহাসিক সিদ্ধান্ত লৈ অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছতে জম্মু-কাশ্মীৰৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ দিন। অনুচ্ছেদ ৩৭০ক লৈ দাখিল হোৱা ১০খন আৱেদনৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। ৫ আগষ্টত জম্মু-কাশ্মীৰক দিয়া সুকীয়া মৰ্যাদা অনুচ্ছেদ ৩৭০ বাতিল কৰিছিল মোদী চৰকাৰে। আৰু এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিছে দল-সংগঠন, নেতাকে ধৰি বিভিন্নজনে।

    অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে আৱেদন পত্ৰ দাখিল কৰিছে অধিবক্তা এম এল শৰ্মাই। য’ত কংগ্ৰেছ সাংসদ মহম্মদ আকবৰ লন আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হছনেন মছুদীয়েও উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জম্মু-কাশ্মীৰৰ সুকীয়া মৰ্যাদাৰ ক্ষেত্ৰত মোদী চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে।

    ইয়াৰোপৰিও প্ৰাক্তন আই এ এছ বিষয়া শ্বাহ ফেছল, ছহলা ৰছিদ আৰু ৰাধা কুমাৰে অনুচ্ছেদ ৩৭০ক লৈ দাখিল কৰিছে আৱেদন পত্ৰ। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে ছচিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ আছে ছহলা ৰছিদ। কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰৰ অৱস্থা যথেষ্ট বেয়া হোৱা বুলি টুইটাৰত প্ৰকাশ কৰিছিল ছহলা ৰছিদে।

    ইয়াৰ মাজতে আজি কেবিনেটৰ সুকীয়া বৈঠকৰ আহ্বান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু বিয়লি ৪ বজাত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকতে কাশ্মীৰক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ সম্ভাৱনা।

    Photo credit | thehindu.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং