15 C
Guwahati
Tuesday, January 25, 2022
More

    ৩১ আগষ্টৰ ভিতৰত বাবৰি মছজিদ ধ্বংস গোচৰৰ ৰায়দানৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

    ৰায়দানৰ বাবে চাৰি মাহৰ সময় দিছে উচ্চতম ন্যায়ালয়ে

    শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে লক্ষ্ণৌৰ বিশেষ চিবিআই আদালতক বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ ৰায়দানৰ সন্দৰ্ভত সময় সীমা বান্ধি দিছে। বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰা তথা ৰায়দানৰ বাবে চাৰি মাহৰ সময় দিছে উচ্চতম ন্যায়ালয়ে। অহা ৩১ আগষ্টৰ ভিতৰত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ তথা ৰায়দানৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

    এই বাবৰি মছজিদ ধ্বংসৰ ঘটনাত বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানি, মুৰলী মনোহৰ যোশী, উমা ভাৰতীকে ধৰি বহুকেইজন নেতাৰ বিৰুদ্ধে গোচৰ চলি আছে। ১৯৯২ চনত বাবৰি মছজিদ ধ্বংস এই গোচৰটোৰ শুনানি লক্ষ্ণৌৰ বিশেষ চিবিআই আদালতত চলি আছে। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে চিবিআই আদালতখনক ৯মাহৰ ভিতৰত শুনানি সম্পূৰ্ণ কৰিবলৈ সময় বান্ধি দিছিল।

    উল্লেখ্য যে এপ্ৰিল মাহত এই সময়সীমাৰ ম্যাদ সম্পূৰ্ণ হৈছে। কিন্তু নিম্ন আদালতখনৰ ন্যায়াধীশে ইয়াৰ পূৰ্বে সময়সীমা বৃদ্ধিৰ বাবে আবেদন কৰে। কৰ’ণা পৰিস্থিতিৰ বাবে দেশত চলা লকডাউনৰ মাজতে বিচাৰ প্ৰক্ৰিয়া সমাপ্ত কৰাত সময় বিচাৰি ন্যায়াধীশগৰাকীয়ে অনুৰোধ জনাইছিল।

    চিবিআই আদালতৰ ন্যায়াধীশৰ উক্ত আবেদন গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আৰু চাৰি মাহৰ সময় দিছে।প্ৰয়োজন সাপেক্ষে সৰ্বোচ্চ আদালতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে বাবৰি মছজিদ ধ্বংসৰ গোচৰটোৰ শুনানি ল’বলৈ নিৰ্দেশ দিছে।

    Photo credit: Wikipedia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং