15 C
Guwahati
Saturday, January 15, 2022
More

    ৰাফেল সন্দৰ্ভত মোদী চৰকাৰৰ ডাঙৰ সকাহ, উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে পুনৰীক্ষণ আবেদন

    মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন বিচাৰপীঠে ৰাফেল সন্দৰ্ভত দাখিল হোৱা সকলো পুনৰীক্ষণ আবেদন খাৰিজ কৰিলে

    ৰাফেল বিমান চুক্তি সন্দৰ্ভত মোদী চৰকাৰে ডাঙৰ সকাহ পালে উচ্চতম ন্যায়ালয়ৰ পৰা। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন বিচাৰপীঠে ৰাফেল সন্দৰ্ভত দাখিল হোৱা সকলো পুনৰীক্ষণ আবেদন খাৰিজ কৰিলে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত ৰায়দান দি ক’লে যে আৱেদনকাৰীসকলৰ দ্বাৰা চুক্তি হোৱা প্ৰক্ৰিয়াত ভুল তথ্য খাৰিজ কৰিছে।

    উচ্চতম ন্যায়ালয়ে ক’লে যে আমি নাভাৱো যে এই সন্দৰ্ভত কোনোধৰণৰ গোচৰ ৰুজু হ’ব লাগে অথবা কোনোধৰণৰ তদন্ত হ’ব লাগে। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা শপতনামাত হোৱা ভুলো মানি লয়।

    ৰাফেল বিমান চুক্তি সন্দৰ্ভত সৰ্বোচ্চ আদালতৰ ২০১৮ৰ আদেশত জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণসহ অন্য লোকৰ তৰফৰ পৰা পুনৰীক্ষণৰ বাবে আবেদন দাখিল কৰা হৈছিল। এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ সঞ্জয় কিশান কৌল আৰু ন্যায়াধীশ কেএম যোশেফৰ বিচাৰপীঠে ৰায় দিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং