26 C
Guwahati
Wednesday, September 28, 2022
More

    সত্ৰভূমি মাজুলীৰ ইতিহাসত নজিৰবিহীন ঘটনা, মাজুলীৰ সত্ৰাধিকাৰলৈ অাহিল ন্যায়ালয়ৰ চমন

    প্ৰথমবাৰৰ বাবে সত্ৰাধিকাৰ হাজিৰ হ'ব লাগিব ন্যায়ালয়ৰ কাঠগড়াত

    মাজুলীৰ ঐতিহাসিক দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীলৈ চমন জাৰি কৰিছে ন্যায়ালয়ে। ১১ ছেপ্টেম্বৰত সত্ৰাধিকাৰগৰাকী হাজিৰ হ’ব লাগিব কাঠগড়াত। এই ঘটনাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।

    উল্লেখ্য যে দক্ষিণপাট অাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে প্ৰশান্ত পায়েং নামৰ এজন লোকে গোচৰ ৰুজু কৰিছিল। খ্ৰীষ্টান অাগ্ৰাসনে সত্ৰভূমি তথা গুৰু দুজনাৰ মনিকাঞ্চন ক্ষেত্ৰ মাজুলীৰ কৃষ্টি সংস্কৃতি সভ্যতা বিলোপ কৰাৰ সময়তে সত্ৰাধিকাৰ গোস্বামীয়ে বিগত সময়ৰ পৰা মাজুলীত খ্ৰীষ্টান বিৰোধী আন্দোলন অাৰম্ভ কৰিছিল।

    লগতে বিভিন্ন সময়ত মাজুলীৰ বিভিন্ন প্ৰান্তত খ্ৰীষ্টান অাগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এইসমূহ কাৰণতে অাইনে দোষী সাব্যস্ত কৰিছে সত্ৰাধিকাৰজনক। এই কাণ্ডই এতিয়া মাজুলীত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং