23.7 C
Guwahati
Thursday, October 6, 2022
More

    Breaking: নলবাৰীত হোলীৰ আনন্দৰ মাজতে অঘটন; ধাৰৰ বোজা সহিব নোৱাৰি আত্মহত্যা এজন লোকৰ

    ঘটনাস্থলীত কমাৰকুছি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে এখন ছুইচাইদ নোট

    হোলীৰ আনন্দ-উল্লাসৰ মাজতে নলবাৰীৰ বৰভাগত অঘটন। অঞ্চলটোৰ ৰণাকুছি গাঁৱৰ এজন লোকে ধাৰৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। লোকজন হ’ল স্থানীয় শ্বহীদ মুকুন্দ কাকতি বিদ্যাপীঠ স্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ধীৰেন কলিতা(৫৪)। ব্যক্তিজনৰ বিভিন্ন মাইক্ৰ’ফাইনেঞ্চৰ লগতে বিভিন্ন ঠাইত কেবালক্ষাধিক টকাৰ ধাৰ আছিল বুলি জনাইছে পৰিয়ালৰ লোকে।

    ঘটনাস্থলীত কমাৰকুছি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে এখন ছুইচাইদ নোট। অৱেশ্যে তদন্তৰ খাতিৰত ছুইচাইদ নোট সন্দৰ্ভত মুখ খোলা নাই আৰক্ষীয়ে। মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে মৃতদেহ প্ৰেৰণ কৰা হৈছে নলবাৰী অসামৰিক চিকিৎসালয়লৈ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং