মাৰ্চি বৰাৰ আত্মহননৰ ঘটনাই হাওৰাঘাটৰ লগতে কঁপাই গৈছিল সমগ্ৰ অসম। এই চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ আন এক অঘটন হাওৰাঘাটত। এগৰাকী ছাত্ৰীয়ে প্ৰেমত প্ৰতাৰিত হৈ আত্মহননৰ চৰম পন্থা বাচি লোৱাৰ সন্দেহ প্ৰকাশ।
ঘটনাটি কাৰ্বি আংলং জিলাৰ হাওৰাঘাট উত্তৰ বৰবিলৰ। সদ্যসমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছুইটি দাস নামৰ ছাত্ৰীগৰাকীৰ সৈতে বিগত কেইবছৰমান ধৰি প্ৰেমৰ সম্পৰ্কত আছিল উত্তৰ বৰবিলৰে ভগৱান দাসৰ পুত্ৰ সুমন দাস। কিন্তু হঠাৎ কি হ’ল ছুইটিৰ? কিয় আত্মহননৰ দৰে জীৱনৰ চূড়ান্ত পথ ল’লে ছুইটিয়ে?
প্ৰেমিকা ছুইটিক প্ৰেমৰ চিন হিচাপে উপহাৰ দিছিল এটা মোবাইল ফোনো৷ কিন্তু হঠাৎ ছুইটিৰ এনে সিদ্ধান্তই হতচকিত কৰিছে সকলোকে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে জগৰীয়া কৰিছে সুমনকে৷ জগৰীয়া কৰিছে সুমনৰ পৰিয়ালক৷ ছুইটিৰ পৰিয়ালৰ মতে ফোনত সুমন-ছুইটিৰ কথা হৈয়ে থাকে৷ কালিও দুপৰীয়ালৈও কথা-বতৰা হৈ আছিল দুয়োৰে মাজত৷
পিছত সুমনেই ছুইটিৰ পৰিয়ালৰ লোকক ছুইটিয়ে চিপ লোৱা বুলি ফোনযোগে জনায়৷ কিন্তু ছুইটীৰ পৰিয়ালৰ প্ৰশ্ন, ছুইটিয়ে চিপ লোৱা বুলি কেনেকৈ প্ৰথমে গম পালে সুমনে? কি হৈছিল সুমনৰ সৈতে? ন্যায় লাগে ছুইটিৰ পৰিয়ালক? সেয়েহে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে ছুইটিৰ পৰিয়াল৷ আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ কাৰণ।
Photo : Time8