14 C
Guwahati
Sunday, January 23, 2022
More

    ব্ৰহ্মপুত্ৰ বুকুৰ এই দৃশ্য, নিমাতী ঘাটত ডুব গ’ল সুধাকন্ঠ

    নিমাতী-কমলাবাৰী ফেৰী ঘাটত চলাচল কৰিছিল ফেৰীখনে

    মাজুলীত বৰলুইতৰ বুকুত ডুব গ’ল ফেৰী। ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল সুধাকন্ঠ নামৰ ফেৰী খন। মাজুলী কমলাবাৰী নিমাতি ফেৰীঘাটত আৰু দেখা নাযাব সুধাকণ্ঠ ফেৰী। আভ্যন্তৰীন জল পৰিবহন বিভাগৰ কাণ্ডজ্ঞান হীনতাৰ বাবেই ঐতিহ্য গৰকা ফেৰীখন জাহ গ’ল ব্ৰহ্মপুত্ৰৰ বুকুত।

    নিমাতী-কমলাবাৰী ফেৰী ঘাটত চলাচল কৰিছিল ফেৰীখনে। উল্লেখ্য যে, দুবছৰ আগত ১৮ লাখ টকা ব্যয়ৰে ঐতিহ্য গৰকা সুধাকণ্ঠ ফেৰীখন মেৰামতি কৰিছিল। পিছে পুনৰ মেৰামতিৰ অভাৱত এনেদৰে অচলা অৱস্থা হৈ পৰে ফেৰীখনৰ আৰু আজি শেষত নৈৰ বুকুত সোমাই পৰে।

    আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ গাফিলতিত ড০ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত সুধাকণ্ঠত আৰু কোনোদিনে যাত্ৰা কৰিবলৈ নাপায় দেশী-বিদেশীৰ লগতে মাজুলীৰ যাত্রীয়ে।। সোণালী ঐতিহ্যৰে বৰ্ণিল সুধাকণ্ঠ এনেকৈয়ে ব্ৰহ্মপুত্ৰৰ বিশাল বক্ষত হেৰাই যোৱাৰ উপক্রম। ইয়াকে লৈ এতিয়া মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

    Photo Credit: @kalpajitsaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং