তেজপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এই শোকাৱহ পথ দুৰ্ঘটনাত নিহত বৰচলা আৰক্ষী চকীৰ উপ–পৰিদৰ্শক।
ঢেকীয়াজুলি বৰচলা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক পোনাৰাম শইকীয়াৰ মৃত্যু হৈছে দূৰ্ঘটনাটোত।
কৰ্মস্থলীলৈ ওভতাৰ পথতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
শোণিতপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এডাল গছত খুন্দা মাৰে পোনাৰাম শইকীয়াই চলাই অহা গাড়ী খনে। গাড়ীখনৰ নম্বৰ AS 02Q 6400।
প্ৰথম অৱস্থাত সংকটজনক অৱস্থাত তেজপুৰ মিছন চাৰিআলিস্থিত ব্যপ্তিষ্ট খ্ৰীষ্টান মিছন হাস্পতাললৈ নিয়াৰ পথত আৰক্ষী বিষয়াগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
নিহত আৰক্ষী বিষয়াগৰাকীৰ ঘৰ নগাঁও জিলাৰ হয়বৰগাঁৱত।
উল্লেখযোগ্য যে আৰক্ষী বিষয়াজনে বৃহস্পতিবাৰে স্বগৃহ নগাঁৱৰ হয়বৰগাঁৱলৈ গৈছিল কন্যাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ খবৰ ল’বলৈ।
কন্যাৰ ফলাফলৰ খবৰ লৈ তেওঁ কাৰ্যনিৰ্বাহ কৰা শোণিতপুৰৰ বৰছলা আৰক্ষী চকীলৈ বুলি ব্যক্তিগত বাহনৰে ৰাওনা হৈছিল।
Photo Credit: @amalnath