18 C
Guwahati
Sunday, December 4, 2022
More

    এইবাৰ CAAৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল কণ কণ শিক্ষাৰ্থী

    জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শনিবাৰে পুৱা ৯ বজাৰ পৰা ২ ঘণ্টীয়া মৌন প্ৰতিবাদী অৱস্থান সাব্যস্ত কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে

    CAAৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। এইবাৰ কাৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল জাতীয় বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী। তিনিচুকীয়া জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত সমগ্ৰ জিলাখনৰ ৪৪খন জাতীয় বিদ্যালয়ৰৰ সমান্তৰালকৈ তিনিচুকীয়াত পৰমানন্দ জাতীয় বিদ্যালয়ৰ শিক্ষ-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী অৱস্থান কাৰ্যসূচী।

    Photo: Time8

    জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শনিবাৰে পুৱা ৯ বজাৰ পৰা ২ ঘণ্টীয়া মৌন প্ৰতিবাদী অৱস্থান সাব্যস্ত কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। অসমীয়া জাতীয় অস্তিত্ব বিঘ্নিত কৰিব বিচৰা এই আইনখন কোনো কাৰণতে মানি লোৱা নহ’ব বুলিও হুংকাৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং