26 C
Guwahati
Thursday, September 22, 2022
More

    ডিব্ৰুগড়ৰ কানৈ কলেজৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শন আৰু ক’লা বেজ পৰিধান প্ৰতিবাদী শিক্ষাৰ্থীৰ

    ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ আহ্বানমৰ্মে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ সন্মুখত একত্ৰিত হয় জাতিধ্বংসী CAA আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে

    উচ্চতম ন্যায়ালয়ত CAAৰ প্ৰথম শুনানিৰ দিনাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়ৰ লগতে ৰাজপথলৈ উলাই আহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ। ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ আহ্বানমৰ্মে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ সন্মুখত একত্ৰিত হয় জাতিধ্বংসী CAA আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে।

    প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে ক’লা পতাকা প্ৰদৰ্শন, ক’লা বেজ পৰিধান কৰাৰ লগতে CAAৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে CAAক লৈ আজি উচ্চতম ন্যায়ালয়ে প্ৰথম শুনানি গ্ৰহণ কৰাৰ দিনাই বিশ্ববিদ্যালয় ছাত্ৰ সমাজে ঘোষণা কৰিছে ‘Total Shutdown’ অৰ্থাৎ ‘সম্পূৰ্ণ বন্ধ’ৰ। উত্তৰ-পূৰ্বাঞ্চল বিশ্ববিদ্যালয় ছাত্ৰ সমাজে সেইদিনা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো কলেজ-বিশ্ববিদ্যালয় সম্পূৰ্ণ বন্ধৰ ঘোষণা কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং