22 C
Guwahati
Wednesday, October 27, 2021
More

    Breaking: খাৰুপেটীয়াত মেট্ৰিক পৰীক্ষাত অৱৰ্তীৰ্ণ ছাত্ৰীৰ আত্মহত্যা

    প্ৰেমজনিত কাৰণত আত্মহত্যা কৰা বুলি সন্দেহ পৰিয়াল তথা আত্মীয়ৰ

    ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পূৰ্বে এগৰাকী মেধাৱী ছাত্ৰীৰ আত্মহত্যা। আজি দিনৰ ১২ বজাত খাৰুপেটীয়াৰ জংগলপাৰাৰ নিজ বাসগৃহৰ চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে ছাত্ৰীগৰাকীয়ে। ছাত্ৰীগৰাকীৰ নাম জন্নত পাৰবিন খাতুন(১৬)বহুলি জানিব পৰা গৈছে।

    কিছুদিনৰ পৰা বেছিমাৰী বালিপাৰা গাঁৱৰ এজন লৰাই প্ৰেমজনিত কাৰণত ছাত্ৰীজনীক অমানুষিক যন্ত্ৰণা দি অহাৰ বাবে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে পৰিয়াল তথা আত্মীয়‌ই। ঘটনাটোকলৈ পৰিয়ালৰ লগতে ছাত্ৰীগৰাকীৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,গাঁওবাসীৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। জানিব পৰা মতে বাচনি পৰীক্ষাত ছাত্ৰীজনীয়ে ৯০%ৰো অধিক নম্বৰ পাবলৈ সক্ষম হৈছিল।

    Photo Credit: thekashmiriyat

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং