27 C
Guwahati
Friday, September 30, 2022
More

    শিক্ষকৰ বৰ্বৰতা! ৭ বছৰীয়া কণমানিক লাঠীৰে নিৰ্মমভাৱে প্ৰহাৰ

    শিক্ষক কেশৱ চন্দ্ৰ নাথে শ্ৰেণীকোঠা বন্ধ কৰি লাঠীৰে প্ৰহাৰ কৰি আঘাত কৰিলে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকীক

    ঢেকীয়াজুলিত এজন শিক্ষকে এটি ৭ বছৰীয়া কণমানিক বৰ্বৰভাৱে প্ৰহাৰ কৰিলে লাঠিৰে। কমাৰ চুবুৰী প্ৰাথমিক বিদ্যালয়ত শ্ৰেণীকোঠা বন্ধ কৰি লাঠীৰে পিঠি আৰু ভৰিত নৃশংসভাৱে প্ৰহাৰ কৰে। কণমানিটিৰ পিঠিত আঘাতৰ চিন স্পষ্ট।

    শিক্ষক কেশৱ চন্দ্ৰ নাথে শ্ৰেণীকোঠা বন্ধ কৰি লাঠীৰে প্ৰহাৰ কৰি আঘাত কৰিলে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকীক। পঢ়াত হেমাহিৰ বাবেই শিক্ষকজনে ছাত্ৰীগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ। বিদ্যালয় ছুটি হোৱাৰ পাছত কেশৱ চন্দ্ৰ নাথ নামৰ শিক্ষকজনে ছাত্ৰীগৰাকীক আক্ৰমণ কৰি আঘাত কৰে।

    ঠেলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। শিক্ষকজনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী পৰিয়ালৰ লোকৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং