25 C
Guwahati
Thursday, October 21, 2021
More

    ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ কাছলৈ নামি আহিছে সংকট;লক্ষ্ণৌৰ পৰা আহিছে বিশেষজ্ঞ চিকিৎসকৰ দল

    সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু নাগশংকৰ দেৱালয়ৰ কাছ সমূহৰ প্ৰতি নামি অহা ভাবুকিত এতিয়া মৰ্মাহত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী লোকসকল

    বিশ্বনাথ জিলাৰ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ মূল আকৰ্ষণ হৈছে কাছ৷ দেৱালয়ৰ পিছফালে থকা পুখুৰীটোত আছে নানা প্ৰজাতিৰ কাছ৷ বছৰ বছৰ ধৰি এই কাছ সমূহে মন্দিৰলৈ অহা সকলোৰে দৃষ্টি আকৰ্ষণ কৰি  আহিছে৷ শেহতীয়াকৈ পুখুৰীৰ পানীত প্ৰদূষণ সৃষ্টি হোৱাৰ বাবে ভাবুকিৰ সৃষ্টি হৈছে কাছ সমূহলৈ৷ পুখুৰীটোত থকা কেইবাটাও কাছৰ মৃত্যু হোৱাৰ লগতে ৫০ টাতকৈ অধিক কাছ বেমাৰত আক্ৰান্ত হৈছে৷ এই কথা পোহৰলৈ অহাৰ পিছতে অসম চৰকাৰৰ বন্যপ্ৰাণী বিভাগৰ উদ্যোগত আৰু “টাৰট’ল চাৰভাইভেল এলায়েন্স ইণ্ডিয়া” আৰু “আছাম ৱাইলড লাইফ ৰেচকিউ এণ্ড ৰিচাৰ্চ এচচিয়েচন” নামৰ এন জি অ দুটাৰ  সহযোগত কাছসমূহক চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে৷

    কাছৰ চিকিৎসাৰ বাবে লক্ষ্ণৌৰ পৰা আহিছে বিশেষজ্ঞ চিকিৎসকৰ দল৷ বিশেষকৈ পুখুৰীৰ পানী প্ৰদূষিত হোৱাৰ বাবেই বেমাৰত আক্ৰান্ত হৈছে কাছসমূহ৷ কাছক খাদ্য হিচাবে যোগান ধৰা বিস্কুট, মুৰি ,চয়াবিন আদিৰ পৰা সৃষ্টি হৈছে প্ৰদূষণ ৷ ইয়াৰ উপৰিও খাদ্য অনা পলিথিনৰ মোনাসমূহ পুখুৰীত পেলোৱাৰ বাবেই সৃষ্টি হৈছে প্ৰদূষণ৷ ইতিমধ্যে কাছৰ খাদ্য যোগানত বাধা আৰোপ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে৷ পুখুৰীৰ পানী সিঁচি কাছ সমূহক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰি চাফা কৰা হৈছে পুখুৰীটো ৷

    ১৯৯৫ চনত শেষবাৰৰ বাবে সিঁচা হৈছিল মন্দিৰৰ মূল পুখুৰীটোৰ  পানী৷ একাংশ কাছ কাষতে  থকা আন এটা পুখুৰীলৈ স্থানান্তৰিত কৰাৰ লগতে বেমাৰত আক্ৰন্ত হোৱা কাছসমূহক পৃথকে ৰাখি চলাই থকা হৈছে চিকিৎসা৷ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু নাগশংকৰ দেৱালয়ৰ কাছ সমূহৰ প্ৰতি নামি অহা ভাবুকিত এতিয়া মৰ্মাহত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী লোকসকল৷

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং