24 C
Guwahati
Thursday, October 28, 2021
More

    ৰাইজে প্ৰেৰণা দিবনে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা নৃত্যশিল্পী প্ৰেৰণা দাসক?

    চাহ তামোলৰ দোকান দি কোনোমতে সংসাৰ চলোৱা পিতৃ-মাতৃ কন্যাৰ ভৱিষত্যক লৈ চিন্তিত হৈ পৰিছে ৷ প্ৰেৰণা আগুৱাই যাবলৈ এতিয়া লাগে মাথো আপোনাৰ অলপ প্ৰেৰণা আৰু সহায়ৰ

    ৰাষ্ট্ৰীয় পৰ্যায়ত নৃত্যত ৬ টাকৈ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বাক্সা জিলাৰ প্ৰেৰণা দাসে। গোৰেশ্বৰ ফুহুৰাবাৰীৰ নাৰায়ণ দাস আৰু মাতৃ চম্পা দাসৰ কন্যা প্ৰেৰণা দাস ফুহুৰাবাৰী প্ৰাথমিক বিদ্যালয় নামৰ এখন চৰকাৰী বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ৷ গোৰেশ্বৰৰ মণিকাঞ্চন সংগীত বিদ্যাপীঠ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈ আছে ছাত্ৰীগৰাকীয়ে ৷ আৰ্থিক দুৰৱস্থাৰ বাবে বহু প্ৰতিযোগিতাত অংশ লব পৰা নাই প্ৰেৰণাই ৷

    Video: Time8

    দিল্লীত দুবাৰকৈ ৰাষ্ট্ৰীয় নাট্য আৰু নৃত্য মহোৎসৱত অংশ লৈ দুটা পদক আৰু ওড়িষাত সদৌ ভাৰত বহুভাষিক শিশু যুৱ আৰু মহিলা খেল নৃত্য সংগীত প্ৰতিযোগিতাত এটা পদকেৰে অসমলৈ সুনাম কঢ়িয়াই আনিছে ৷ তদুপৰি গুৱাহাটীত অনুষ্ঠিত সদৌ ভাৰত বহুভাষিক নাট আৰু নৃত্য প্ৰতিযোগিতাত দুটা আৰু গোৰেশ্বৰত অনুষ্ঠিত তক্ষশীলা অসমৰ সদৌ ভাৰত বহুভাষিক নাটক লোকনৃত্য, শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতাত এটা পদক লভিবলৈ সক্ষম হৈছে ৷ নৃত্যশ্ৰী দুলাল ডেকাৰ ওচৰত প্ৰশিক্ষণ লৈ থকা প্ৰেৰণাই মুম্বাইত হ’বলগীয়া প্ৰতিযোগিতাত অংশ লব পাৰিব নে তাকলৈ চিন্তিত হৈ পৰিছে পিতৃ মাতৃ।

    Video: Time8

    চাহ তামোলৰ দোকান দি কোনোমতে সংসাৰ চলোৱা পিতৃ-মাতৃ কন্যাৰ ভৱিষত্যক লৈ চিন্তিত হৈ পৰিছে ৷ প্ৰেৰণা আগুৱাই যাবলৈ এতিয়া লাগে মাথো আপোনাৰ অলপ প্ৰেৰণা আৰু সহায়ৰ। 7896124967 এই নম্বৰত যোগাযোগ কৰি প্ৰেৰণাৰ পৰিয়ালক উৎসাহিত কৰি প্ৰেৰণাৰ সপোন বাস্তৱায়িত কৰিব পাৰে ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং