26 C
Guwahati
Sunday, October 24, 2021
More

    ১৫ বছৰীয়া নাবালিকাক বিয়া দিয়াৰ অপচেষ্টা সতীয়া মাতৃৰ, বিয়াৰ দুঘন্টা পূৰ্বে উদ্ধাৰ নাবালিকা

    দৰাঘৰৰ পৰিয়ালৰ লোক সম্প্ৰতি পলাতক

    হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সফলতা৷ বিবাহৰ দুঘন্টা পূৰ্বে উদ্ধাৰ এক ১৫ বছৰীয়া নাবালিকাক৷ স্বামীগৃহৰ পৰা উদ্ধাৰ কৰা হয় নাবালিকাগৰাকীক৷ সতীয়া মাতৃয়ে চলাইছিল নাবালিকাগৰাকীৰ বিবাহৰ প্ৰস্তুতি৷ হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত জোৰাপুখুৰীৰ পামগাঁৱত থকা দৰাঘৰৰ পৰা উদ্ধাৰ কৰা হয় নাবালিকাগৰাকীক৷

    জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাং, পেনেল অধিবক্তা ৰোহিনা ওৱাৰিছ, চাইল্ড লাইন তথা শংকৰদেৱনগৰ আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হয় পামগাঁৱৰ দৰাঘৰত৷ আইন সেৱা প্ৰাধিকৰণৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰি লৈ আহিলে ১৫ বছৰীয়া নাবালিকাজনীক৷

    এই ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সম্প্ৰতি নাবালিকাগৰাকীক উদ্ধাৰ কৰি চমজাই দিয়া হৈছে চাইল্ড লাইনৰ বিষয়াক৷ শংকৰদেৱ নগৰ আৰক্ষীয়ে নাবালিকাগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ দৰাঘৰৰ পৰিয়ালৰ লোক সম্প্ৰতি পলাতক৷

    হোজাই জিলাত জিলা আইন সেৱা প্ৰাধিকৰণ নতুনকৈ গঠন হোৱাৰ পিছতে আজি নাবালিকাগৰাকীক বিবাহৰ মণ্ডপৰ পৰা উদ্ধাৰ কৰি প্ৰথমটো সফলতা লাভ কৰাত উৎফুল্লিত হোৱা সম্পাদিকা প্ৰনিতা মৰাঙে এনে অপৰাধ বন্ধ কৰাৰ বাবে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে৷

    Photo Credit: Sohidul Alam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং