আগন্তুক দিনত দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক SBIৰ ডেবিট অথবা এটিএম কাৰ্ড অব্যৱহৃত হৈ পৰিব। SBIৰ অধ্যক্ষ ৰজনীশ কুমাৰে দিছে সংকেত।

SBIৰ অধ্যক্ষ ৰজনীশ কুমাৰে ক’লে যে আমি ডেবিট কাৰ্ড প্ৰচলন বন্ধ কৰিব বিচাৰো। এই সন্দৰ্ভত আমি আত্মবিশ্বাসী যে ইয়াক সমাপ্ত কৰিব পাৰি। ইয়াত এটাই প্ৰশ্ন উত্থাপন হৈছে যে, ডেবিট কাৰ্ড বন্ধ হোৱাৰ পৰিস্থিতিত গ্ৰাহকে এটিএমৰ পৰা কেনেকৈ উলিয়াব পাৰিব ধন। জানো আহক ইয়াৰ উপায়..

SBIৰ অধ্যক্ষ ৰজনীশ কুমাৰে ক’লে যে বেংকে ডেবিট কাৰ্ড নোহাৱা দেশ গঠন কৰিবলৈ ‘য়োনো’ এপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ অৰ্থ হ’ল আগন্তুক দিনত YONO (ইউ অনলী নিড ৱান) এপৰ জৰিয়তে ধন উলিয়াব পাৰিব।

SBIৰ YONO এপত ‘য়োনো কেছ’ নামৰ সুবিধা প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে গ্ৰাহকে কাৰ্ড ব্যৱহাৰ নকৰাকৈ SBIৰ ‘য়োনো কেছপইণ্ট’ এটিএমেৰে ধন উলিয়াব পাৰিব। ইয়াৰ বাবে বেংক পূৰ্বেই ৬৮,০০০ ‘য়োনো কেছপইণ্ট’ৰ স্থাপন কৰিছে আৰু আগন্তুক ১৮ মাহত ইয়াক ১০ লাখ কৰাৰ আঁচনি প্ৰস্তুত কৰিছে।

কেনেকৈ কৰিব ব্যৱহাৰ
ইয়াৰ বাবে আপোনাৰ ফোনত SBIৰ YONO এপ থকাটো অনিবাৰ্য। ইয়াৰ পিছত YONO এপৰ ‘য়োনো কেছ’ কেটেগৰী নিৰ্বাচন কৰিব লাগিব। এই কেটেগৰী খোলাৰ লগতে আপোনাৰ পৰা এমাউণ্টৰ বিষয়ে জনাব লাগিব। ইয়াৰ অৰ্থ হ’ল সেই পৰিমানৰ ধন সোমাব লাগিব যিমান পৰিমানৰ ধন আপোনাৰ প্ৰয়োজন। ইয়াৰ পিছত আপুনি ৬টা সংখ্যাৰ Transaction pinৰ নিৰ্বাচন কৰিব লাগিব। এই পিনটোৰ প্ৰয়োজন এটিএমৰ পৰা ধন উলিওৱাৰ সময়তহে প্ৰয়োজন হ’ব। ইয়াৰোপৰি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা মেছেজ প্ৰেৰণ কৰা হ’ব। এই মেছেজটো Transaction নম্বৰ হ’ব।

ইয়াৰ পিছত এছবিআইৰ ওচৰৰ ‘য়োনো কেছপইণ্ট’ এটিএমত যাব লাগিব। তাত এটিএম স্ক্ৰীণত ‘য়োনো কেছ’ নিৰ্বাচব কৰিব লাগিব। ইয়াক নিৰ্বাচন কৰাৰ পিছত আপোনাৰ পৰা বিচাৰিব Transaction নম্বৰ। আপুনি মোবাইল মেছেজৰ জৰিয়তে লাভ কৰা Transaction নম্বৰ ভৰ্তি কৰিব লাগিব। পিছত ধনৰ পৰিমান টাইপ কৰি YONO এপত নিৰ্বাচন কৰা ৬টা ডিজিটৰ পিন ভৰাব লাগিব। পিন দিয়াৰ পিছত আপুনি লাভ কৰিব ধন। গ্ৰাহকে পিন আৰু Transaction নম্বৰৰ সহায়ত আগন্তুক ৩০ মিনিটৰ ভিতৰত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ পিছত এই নম্বৰটো অবৈধ হৈ পৰিব।