25 C
Guwahati
Friday, May 20, 2022
More

    হাইলাকান্দিত ষ্টেট বেংক অফ ইণ্ডিয়াৰ ATMত ডকাইতি

    হাইলাকান্দি জিলাৰ আলগাপুৰ বজাৰত সংঘঠিত হয় এই ঘটনা

    হাইলাকান্দিৰ ATMত ডকাইতি। ৰাতিৰ এন্ধাৰত ষ্টেট বেংক অফ ইণ্ডিয়াৰ ATM কাটি লুটি লৈ যায় ১৭ লাখৰো অধিক ধন। ১২ জানুবাৰী ৰাতি হাইলাকান্দি জিলাৰ আলগাপুৰ বজাৰত সংঘঠিত হয় এই ATM ডকাইতিৰ ঘটনা।

    ৰাতিৰ এন্ধাৰত অতি কৌশলেৰে এটিএমটোৰ ভিতৰত সোমাই দুৰ্বৃত্তৰ দলে মেচিন কাটি লুটি লৈ যায় এই বৃহৎ পৰিমাৰ ধন। ঘটনা সংক্ৰান্তত আজি পুৱা আলগাপুৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আবিদুল্লাহ বড়ভূঞা নামৰ এগৰাকী যুবকক। ধৃত আবিদুল্লাহ ইয়াৰ পূৰ্বেও এটিএম চুৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল।

    Photo Credit: @bidhansen

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং