সমগ্ৰ বিশ্বতে কৰ’ণা আতংক চলি থকাৰ সময়তে দেশৰ চৰকাৰে লক ডাউন ঘোষণা কৰি ৰাইজৰ জীৱন ৰক্ষাৰ শেষ অস্ত্ৰ ব্যৱহাৰ কৰিছে যদিও একাংশ লোকে উপলুঙা কৰা হে পৰিলক্ষিত হৈছে৷ কিন্তু এইসকলৰ বিৰুদ্ধে কঠোৰ আৰক্ষী৷ ছচিয়েল মিডিয়াত কৰ’ণা ভাইৰাছৰ অপপ্ৰচাৰ চলাই আৰক্ষীৰ ৰোষৰ বলি হ’ব লগা হ’ল এজন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক৷

উত্তম দাস নামৰ ১ নং কাকী চাৰিআলিৰ শিক্ষকজনে লংকাৰ কাকীত এজন লোক কৰ’ণাত আক্ৰান্ত হৈছে আৰু কাকী আৰক্ষীয়ে চিকিৎসালয়লৈ নিছে বুলি ফেচবুকৰ জৰিয়তে প্ৰচাৰ কৰিছিল আৰু এই পোষ্ট পোৱাৰ পিছতেই অঞ্চলটোত হাহাকাৰ সৃষ্টি হৈছিল৷ ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱা উত্তম দাস নামৰ শিক্ষক জনক আটক কৰি কাকী থানালৈ লৈ আহে৷
Photo: Time8