শৰীৰৰ সকলোতকৈ প্ৰয়োজনীয় অংগ বিকল। প্ৰায় সকলো কামতে সহায় লাগে পিতৃ-মাতৃৰ।
কিন্তু শৰীৰৰ এই অক্ষমতাক বাধা হবলৈ দিয়া নাই শিক্ষাৰ ক্ষেত্ৰত। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা বুটলিছে এগৰাকী বিশেষ ভাৱে সক্ষম ছাত্ৰই।
নগাঁৱৰ পুৰণিগুদামৰ চৰকাৰী মাধ্যম ৰাধা কান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দিগন্ত বৰা।
দুয়োখন ভৰিৰে খোজ কাঢ়িব নোৱাৰা দিগন্তই সদ্যঘোষিত শিক্ষান্ত প্ৰতিযোগিতাত সমাজ বিজ্ঞান বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।

দিগন্ত বৰাৰ ৰ এই সফলতাই এতিয়া উঠি অহা ছাত্ৰ-ছাত্ৰীলৈ কঢ়িয়াই আনিছে অনুপ্ৰেৰণা।
সদায় পিতৃ মাতৃৰ সহায় লৈ বিদ্যালয়লৈ অহা যোৱা কৰা দিগন্তৰ ফলাফলক লৈ বৰ্তমান উৎফুল্লিত তেওঁৰ পিতৃ মাতৃৰ লগতে অঞ্চলটোৰ ৰাইজ।
Photo Credit: @batssamhaque